শাসকীয় ভাৰতীয় জনতা পাৰ্টীক তীব্ৰ মোক্ষম আঘাত হানি ৰাজস্থানৰ পঞ্চায়তীৰাজ নিৰ্বাচনত একপক্ষীয় আধিপত্য স্থাপন কৰিবলৈ সক্ষম হ’ল বিৰোধী দল কংগ্ৰেছ। শুকুৰবাৰে ঘোষিত ফলাফলত ৰাজ্যখনৰ ৩৭খন জিলা পৰিষদৰ ভিতৰত ২৭খনতে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ লগতে কংগ্ৰেছ নেতা শচীন পাইলটৰ দুৰ্গ হিচাপে পৰিচিত টংক জিলাত বিৰোধী দলটোৱে নিৰংকুশ বিজয় সাব্যস্ত কৰে। জিলা পৰিষদৰ সমান্তৰালকৈ টংকৰ আঠোখন পঞ্চায়ত সমিতিও নিজৰ দখললৈ আনে কংগ্ৰেছে।
ঘোষিত ফলাফল অনুসৰি, ৰাজ্যিক পৰ্যায়ত ৩৭খন জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছে জয়পুৰ, যোধপুৰ, আলৱাৰ, চিকাৰ, বাৰমেৰ, ভৰতপুৰ, বিকানেৰ, ঝুনঝুনু, দৌছা, চিতোৰগড়, জৈছালমেৰ, চুৰু, জালোৰ আৰু টংককে ধৰি মুঠ ২৭খন জিলাত সংখ্যাগৰিষ্ঠতা লাভ কৰে। ইয়াৰ বিপৰীতে শাসকীয় বিজেপিয়ে উদয়পুৰ, আজমেৰ, পালি, ঝালাৱাৰ, বেয়াৱৰ আৰু ছালুম্বৰসহ মাত্ৰ ৬খন জিলা পৰিষদহে দখল কৰিবলৈ সক্ষম হয়।
আনহাতে, হনুমান বেনিৱালৰ ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টীয়ে (আৰএলপি) নাগৌৰ জিলা পৰিষদত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে। একেদৰে ৩৭খন জিলাৰ মুঠ ৪১৯খন পঞ্চায়ত সমিতিৰ নিৰ্বাচনত কংগ্ৰেছে ২৬৯খনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৭৩খন আৰু অন্যান্য দল তথা নিৰ্দলীয়ই ৬০খনত জয়লাভ কৰে। অৱশ্যে ১৭খন পঞ্চায়ত সমিতিত কোনো দলেই স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। কোটা, শ্ৰীগংগানগৰ, বাৰণ আৰু কৰৌলী জিলাত অহা ১৭ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব।
ইফালে, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ সমষ্টি টংক জিলাত শাসকীয় বিজেপি চূড়ান্তভাৱে বিধ্বস্ত হয়। আনকি ৰাজস্থানৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কানহাইয়া লাল চৌধুৰীৰ দুৰ্গ হিচাপে জনাজাত মালপুৰা, টোডাৰায়সিং আৰু পচেৱাৰতো জয়ধ্বজা উৰুৱায় কংগ্ৰেছে। টংক জিলা পৰিষদৰ মুঠ ৩১খন আসনৰ ভিতৰত কংগ্ৰেছে ২৫খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ৫খন আৰু আৰ এল পিয়ে ১খন আসন লাভ কৰে।
সেইদৰে জিলাখনৰ অন্তৰ্গত টংক, নিৱাই, পিপলু, পচেৱাৰ, উনিয়াৰা, টোডাৰায়সিং, দেৱলী আৰু মালপুৰা- এই আঠোখন পঞ্চায়ত সমিতিৰ মুঠ ১৬০খন আসনৰ ভিতৰত কংগ্ৰেছে ৯৫খন আৰু বিজেপিয়ে ৪৬খন আসন দখল কৰে। জিলাখনত পোনপ্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা আৰ এল পিয়ে ১০খন, বহুজন সমাজ পাৰ্টীয়ে ১খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৮খন আসন লাভ কৰে।
টংক জিলা পৰিষদৰ ২২ নম্বৰ ৱাৰ্ডৰ পৰা ১,৪১০টা ভোটৰ ব্যৱধানত জয়ী হোৱা নিৱাইৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক প্ৰশান্ত বৈৰৱাৰ পত্নী সুষমা বৈৰৱা এইবাৰ জিলা প্ৰমুখ পদৰ প্ৰবল দাবীদাৰ হিচাপে বিবেচিত হৈছে। এই বিজয়ৰ পিছতে সুষমা বৈৰৱা আৰু প্ৰাক্তন বিধায়ক প্ৰশান্ত বৈৰৱাই কয় যে বিগত তিনি বছৰত বিজেপি চৰকাৰৰ ব্যৰ্থতাত অতিষ্ঠ হৈয়েই জনসাধাৰণে পুনৰ কংগ্ৰেছৰ পক্ষত জনাদেশ দিছে।
আনহাতে, এই বিপুল বিজয়ৰ বাবে টংক সমষ্টিৰ সমূহ দলীয় কৰ্মী আৰু ভোটাৰ ৰাইজক সামাজিক মাধ্যম ‘এক্স’যোগে কৃতজ্ঞতা জ্ঞাপন কৰে শচীন পাইলটে। এই নিৰ্বাচনী ফলাফলে দলটোৰ দায়িত্ব অধিক বৃদ্ধি কৰিলে বুলি উল্লেখ কৰি পাইলটে কয় যে আগন্তুক দিনত জনসাধাৰণৰ আস্থা পূৰণ কৰাটোৱেই হ’ব দলৰ সৰ্বপ্ৰথম অগ্ৰাধিকাৰ।
মন কৰিবলগীয়া যে কেইমাহমান পূৰ্বে অনুষ্ঠিত ৰাজস্থানৰ পৌৰ নিগমৰ নিৰ্বাচনত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা বিজেপিৰ বাবে এই পঞ্চায়ত নিৰ্বাচনত দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা তথা মন্ত্ৰীৰ আত্মীয়ৰ পৰাজয়ে আন এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। ৰাজ্যখনৰ নগৰ উন্নয়ন মন্ত্ৰী ঝাবৰ সিং খৰ্ৰাৰ পত্নী, দুই পুত্ৰ আৰু কনিষ্ঠ ভাতৃৰ পত্নীয়ে নিজ নিজ সমষ্টিত পৰাজয় বৰণ কৰে।
একেদৰে ৰাজহ মন্ত্ৰী হেমন্ত মীণা, গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী মঞ্জু বাঘমাৰ আৰু প্ৰাক্তন সমবায় মন্ত্ৰী অজয় সিং কিলাকৰ আত্মীয়য়ো নিৰ্বাচনত মুখথেকেচা খায়। অৱশ্যে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ ৰাথোড়ে নিজ পুত্ৰ আৰু বোৱাৰীয়েকক জয়ী কৰাই নিজৰ ৰাজনৈতিক স্থিতি সবল কৰি ৰাখিবলৈ সক্ষম হয়।
