শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনক কেন্দ্ৰ কৰি উত্তাল বাংলাদেশ; অৰ্ধসামৰিক বাহিনী মোতায়েন

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দেশলৈ প্ৰত্যাৱৰ্তনৰ চৰ্চাই বাংলাদেশত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাত বুধবাৰে দেশখনৰ চৰকাৰে শ শ অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়েন কৰে। সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি, এই ঘটনাক কেন্দ্ৰ কৰি দেশখনত সংঘৰ্ষ, বোমা বিস্ফোৰণ আৰু অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হৈছে।এই হিংসাত্মক ঘটনাৰ বাবে নিষিদ্ধ ঘোষিত আৱামি লীগ দলৰ সমৰ্থকসকলক জগৰীয়া কৰা হৈছে। ইফালে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰত্যাৱৰ্তনৰ সমৰ্থনত আৱামি লীগে যোৱা সপ্তাহত ঘোষণা কৰা এসপ্তাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ আজি (বৃহস্পতিবাৰে) দেশজোৰা বন্ধৰ জৰিয়তে সামৰণি পৰাৰ কথা আছে।ইয়াৰ পূৰ্বে শনিবাৰে ঢাকাই প্ৰকাশ কৰিছিল যে ভাৰতত আশ্ৰয় লৈ থকা হাছিনাক ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় সকলো আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে আৰু এতিয়া তেওঁক প্ৰত্যাৰ্পণ কৰাৰ চূড়ান্ত সিদ্ধান্ত নতুন দিল্লীৰ ওপৰত নিৰ্ভৰ কৰিছে। উল্লেখযোগ্য যে ১৬ বছৰ শাসনত থকাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত চলা ব্যাপক গণ আন্দোলনৰ পৰিপ্ৰেক্ষিতত ২০২৪ চনৰ আগষ্ট মাহত হাছিনাই দেশ এৰি ভাৰতলৈ পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত, ২০২৪ চনৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত চলোৱা মাৰাত্মক দমনৰ সৈতে জড়িত মানৱতা বিৰোধী অপৰাধৰ বাবে ২০২৫ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হাছিনাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল।

খবৰ অনুসৰি, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ঢাকাৰ পৰা এখন নতুন পাছপ’ৰ্ট আৰু পৰিচয় পত্ৰৰ বাবে আবেদন জনাইছিল যদিও বাংলাদেশ চৰকাৰে এতিয়ালৈকে তেওঁৰ সেই অনুৰোধ নাকচ কৰিছে। ইয়াৰ প্ৰতিবাদতেই তেওঁৰ দলৰ সমৰ্থকসকলে ৰাজপথলৈ ওলাই আহিছে। যোৱা ১০ দিনত দেশখনৰ অন্ততঃ ২৮ খন জিলাত কেইবা ডজনো বোমা বিস্ফোৰণ আৰু বাহন জ্বলাই দিয়াৰ ঘটনা সংঘটিত হোৱাৰ ফলত কেইবাজনো আৰক্ষী কৰ্মী আৰু সাধাৰণ নাগৰিক আহত হৈছে। ‘দ্য ডেইলী ষ্টাৰ’ৰ এক প্ৰতিবেদনত আৰক্ষীৰ তথ্যৰ উদ্ধৃতি দি কোৱা হৈছে যে ৭ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰৰ ভিতৰত দেশখনত অন্ততঃ ৭০ টা বোমা বিস্ফোৰণ আৰু বাহনত অগ্নিসংযোগৰ ৫৭ টা ঘটনা ঘটিছে। তদুপৰি, ১ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰৰ ভিতৰত এই অস্থিৰতাত জড়িত থকাৰ অভিযোগত ৫২০ জনতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে, মঙলবাৰে হাছিনাৰ গৃহ জিলা গোপালগঞ্জৰ সমীপত এক প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত শাসকীয় বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (বি এন পি) এজন সদস্য নিহত হয়।

বাংলাদেশৰ অপৰাধ ন্যায়াধিকৰণে হাছিনাক মৃত্যুদণ্ড দিয়াৰ এবছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতেই এই হত্যাকাণ্ডটো সংঘটিত হয়। আনহাতে, যোৱা ১০ নৱেম্বৰৰ পৰা নবেল বঁটা বিজয়ী মহম্মদ ইউনুছে প্ৰতিষ্ঠা কৰা গ্ৰামীণ বেংকৰ অন্ততঃ ৩৭ টা শাখা আৰু কাৰ্যালয়তো অগ্নিসংযোগ বা অগ্নিসংযোগৰ চেষ্টা চলোৱা হৈছে। উল্লেখ্য যে হাছিনাৰ পতনৰ পাছত যোৱা ফেব্ৰুৱাৰী মাহলৈকে ইউনুছে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিছিল আৰু তেতিয়াৰ পৰাই তেওঁ হাছিনাৰ সমৰ্থকসকলৰ ৰোষৰ বলি হৈ আহিছে। ঢাকাই বাৰে বাৰে হাছিনাক প্ৰত্যাৰ্পণ কৰিবলৈ দাবী জনোৱাৰ লগতে ভাৰতীয় কৰ্তৃপক্ষই তেওঁক দিল্লীৰ পৰা সমৰ্থকসকলক সম্বোধন কৰিবলৈ দিয়া কাৰ্যতো উদ্বেগ প্ৰকাশ কৰিছে। অৱশ্যে ভাৰত চৰকাৰে স্পষ্ট কৰি দিছে যে হাছিনাই বাংলাদেশলৈ উভতি যাব বিচাৰে নে নাই, সেয়া তেওঁৰ নিজা সিদ্ধান্ত।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *