অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি অব্যাহত! পিঁয়াজ-চাউলৰ পিছত এইবাৰ বাঢ়িল গাখীৰৰ দাম

দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। পিঁয়াজ আৰু চাউলৰ পিছত এইবাৰ বৃদ্ধি পালে গাখীৰৰ দাম। প্ৰতিলিটাৰ গাখীৰত ২ টকাকৈ বৃদ্ধি কৰা হৈছে মূল্য।

প্ৰাপ্ত তথ্য অনুসৰি, পূৰ্বে প্ৰতিলিটাৰ গাখীৰৰ খুচুৰা মূল্য আছিল ৬১ টকা ১০ পইচা। কিন্তু নতুন মূল্য অনুসৰি এতিয়াৰে পৰা প্ৰতিলিটাৰ গাখীৰৰ দাম হ’ব ৬৩ টকা ১০ পইচা।

গাখীৰৰ মূল্য বৃদ্ধিৰ ফলত পুনৰ এবাৰ মাধমাৰ পৰিব সাধাৰণ গ্ৰাহকৰ ওপৰত। বিশেষকৈ দৈনন্দিন খাদ্যৰ তালিকাত গাখীৰ অন্তৰ্ভুক্ত থকা পৰিয়ালসমূহৰ মাহিলি খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যই সাধাৰণ ৰাইজৰ বাজেটত প্ৰভাৱ পেলাইছে। তাৰ মাজতে গাখীৰৰ মূল্যবৃদ্ধিয়ে গ্ৰাহকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *