‘অৰ্ণৱ’ৰ পিছতে পুনৰ ঘূৰ্ণীবতাহৰ আশংকা! বংগোপসাগৰত সৃষ্টি ‘মুৰাছু’, অন্ধ্ৰপ্ৰদেশত য়েল্ল’ এলাৰ্ট

পুনৰ এক নতুন সাগৰীয় ঘূৰ্ণীবতাহৰ আশংকাই চিন্তিত কৰি তুলিছে উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক। ‘অৰ্ণৱ’ নামৰ ঘূৰ্ণীবতাহ পাৰ হোৱাৰ মাত্ৰ তিনিদিনৰ পিছতে বংগোপসাগৰত সৃষ্টি হৈছে আন এক ঘূৰ্ণীবতাহৰ অনুকূল পৰিস্থিতি। নতুনকৈ সৃষ্টি হোৱা এই ঘূৰ্ণীবতাহটোৰ নাম ৰখা হৈছে ‘মুৰাছু’।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ ফলত দেওবাৰে নতুনকৈ ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। সম্ভাৱ্য বতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত য়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

উল্লেখ্য যে, ‘মুৰাছু’ শব্দটো তামিল ভাষাৰ পৰা লোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে ড্ৰাম বা ঢোল। ঘূৰ্ণীবতাহটোৰ সম্ভাৱ্য গতিপথ আৰু প্ৰভাৱৰ ওপৰত নজৰ ৰাখিছে বতৰ বিজ্ঞান বিভাগে।

ইফালে, উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আৰু বতৰ বিজ্ঞান বিভাগৰ পৰৱৰ্তী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।

নতুন এই ঘূৰ্ণীবতাহে উপকূলীয় অঞ্চলসমূহত কেনেধৰণৰ প্ৰভাৱ পেলাব, সেয়া পৰৱৰ্তী বতৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *