জামিয়াত ২০ বছৰৰ পাছত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰস্তাৱ

দীৰ্ঘ দুটা দশকৰ বিৰতিৰ পাছত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে ছাত্ৰ একতা সভা (ইউনিয়ন) নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। চৌহদত এক নিৰ্বাচিত প্ৰতিনিধি গোট গঠনৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে চলাই থকা ধাৰাবাহিক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে, বিশ্ববিদ্যালয় প্রশাসনৰ এই ঘোষণাক প্ৰত্যাখ্যান কৰিছে আন্দোলনৰত ছাত্ৰ-ছাত্ৰীসকলে। তেওঁলোকৰ অভিযোগ— ছাত্ৰ একতা সভাৰ সংবিধান কেতিয়া অনুমোদন জনোৱা হ’ব, সেই সন্দৰ্ভত কোনো স্পষ্ট সময়সূচী উল্লেখ কৰা নাই। ইয়াৰ উপৰি, মুখ্য প্রক্টৰৰ পদত্যাগৰ যি মূল দাবী আছিল, তাকো প্রশাসনে সম্পূৰ্ণৰূপে উপেক্ষা কৰিছে।

উল্লেখ্য যে ২০০৬ চনত জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ একতা সভা ভংগ কৰা হৈছিল। তাৰ পাছৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে গণতান্ত্ৰিক অধিকাৰ আৰু ছাত্ৰ প্ৰতিনিধিত্ব পুনৰুজ্জীৱিত কৰাৰ দাবীত দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই আহিছে। বিশ্ববিদ্যালয় প্রশাসনে সোমবাৰে জাৰি কৰা এক আনুষ্ঠানিক নিৰ্দেশনাত উল্লেখ কৰে যে ছাত্ৰ ইউনিয়নৰ সংবিধান অনুমোদন লাভ কৰাৰ ১৫ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। সোমবাৰে  বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মহাতাব আলম ৰিজভীয়ে আন্দোলনৰত ছাত্ৰ-ছাত্ৰীসকলক সাক্ষাৎ কৰি এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে আৰু প্ৰতিবাদ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।

তথাপিও, ছাত্ৰ-ছাত্ৰীসকলে প্রশাসনৰ এই আমন্ত্ৰণ আৰু আশ্বাসক ‘অস্পষ্ট’ বুলি আখ্যা দি আন্দোলন চলাই নিবলৈ সংকল্পবদ্ধ হৈছে। তেওঁলোকে কয় যে চৌহদত প্ৰকৃত গণতান্ত্ৰিক অধিকাৰ আৰু অৰ্থপূৰ্ণ প্ৰতিনিধিত্ব সুনিশ্চিত নকৰালৈকে তথা দাবীসমূহ স্পষ্টভাৱে পূৰণ নকৰালৈকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *