মঙলবাৰে জাপানৰ এখন মহাকাশযানে মঙল গ্ৰহৰ ৰহস্যময়তাৰ অন্বেষণ আৰু তাৰ পৰা নমুনা সংগ্ৰহ কৰি অনাৰ এক অভূতপূৰ্ব অভিযান হিচাপে মংগল গ্ৰহৰ দিশলৈ ৰাওনা হয় ।এই অত্যুৎসাহী নমুনা সংগ্ৰহৰ প্ৰচেষ্টাৰ নেতৃত্ব দিয়া জাপান এৰ’স্পেচ এক্সপ্ল’ৰেশ্যন এজেন্সীয়ে দেশখনৰ টানেগাছিমা দ্বীপৰ মূল মহাকাশ কেন্দ্ৰৰ পৰা পুৱতি নিশা মহাকাশযানখন উৎক্ষেপণ কৰে ।এই অভিযানৰ অংশ হিচাপে মংগল গ্ৰহৰ দুটা সৰু আকাৰৰ চন্দ্ৰৰ ভিতৰত ডাঙৰ আৰু ওচৰৰ ফ’বছত ৰবটিক প্ৰস্পেক্টৰৰ লগতে ৰ’ভাৰ অৱতৰণ কৰাৰ চেষ্টা কৰিব ।
মাটিৰ নমুনা আনিবলৈ মংগল গ্ৰহলৈ উৰিল মহাকাশযান
