ৰাজপাল যাদৱৰ চেক বাউঞ্চ গোচৰ: উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ অভিনেতাজনে জনালে নিজৰ আৰ্থিক লোকচানৰ কথা

প্ৰখ্যাত বলিউড অভিনেতা ৰাজপাল যাদৱে বুধবাৰে তেওঁৰ বিৰুদ্ধে চলি থকা চেক বাউঞ্চ গোচৰৰ শুনানিৰ সময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ত নিজেই উপস্থিত হৈ নিজৰ পক্ষ দাঙি ধৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত অভিনেতাজন আৰু ন্যায়ালয়ৰ মাজত এক দীঘলীয়া কথোপকথন হয়। শুনাণিৰ সময়ত ৰাজপাল যাদৱে তেওঁৰ ছবি ‘অতা পতা লাপাতা’ৰ ফলত হোৱা বৃহৎ আৰ্থিক ক্ষতি, নিজৰ কেৰিয়াৰ আৰু বিগত ১৬ বছৰ ধৰি চলি থকা এই আইনী সংঘাতৰ বিষয়ে ন্যায়ালয়ক অৱগত কৰে।

ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰত যাদৱে জনায় যে তেওঁ নিজৰ কেৰিয়াৰত প্ৰায় ২-২.৫ শ ছবিত অভিনয় কৰিছে, কিন্তু যোৱা ১৩ বছৰত প্ৰায় ২০০ ৰ পৰা ২৫০ কোটি টকাৰ লোকচান ভৰিবলগীয়া হৈছে। বিশেষকৈ তেওঁৰ ছবি ‘অতা পতা লাপাতা’ত ১৭ কোটি টকা সম্পূৰ্ণৰূপে লোকচান হয় আৰু বাজেট বৃদ্ধি পাই ২২ কোটি টকা হৈছিল।  অভিনেতাজনে কয় যে ছবিত তেওঁ এটকাও উপাৰ্জন কৰিব নোৱাৰিলে আৰু ছবিখন এখন ছবিগৃহতো সঠিকভাৱে মুক্তি নাপালে। তেওঁ আৱেগিক হৈ ন্যায়ালয়ক জনায়-আপোনালোকে যেতিয়াই বিচাৰে আৰু যিমান দিনৰ বাবে বিচাৰে মোক কাৰাগাৰলৈ প্ৰেৰণ কৰিব পাৰে, মই প্ৰস্তুত।

শুনানিৰ সময়ত ন্যায়াধীশ বাগচীয়ে যাদৱক পূৰ্বে প্ৰদান কৰা শাস্তিৰ ম্যাদ বৃদ্ধি কৰা হ’ব পাৰে বুলি সকীয়াই দিয়ে। অভিনেতাজনে আদালতত ১.১৫ কোটি টকাৰ ডিমাণ্ড ড্রাফ্ট জমা দিয়ে, যিটো ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীত জমা ৰখাৰ নিৰ্দেশ দিয়া হৈছে। উচ্চতম ন্যায়ালয়ে এই গোচৰৰ পৰৱৰ্তী পদক্ষেপ আৰু প্ৰক্ৰিয়াৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰি শুনানি স্থগিত ৰাখে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *