ৰাণীত ৰান্ধনি আৰু ৰন্ধন সহায়কক শিক্ষামন্ত্ৰীৰ সন্মান: ১২৩ গৰাকীক প্ৰদান মুখ্যমন্ত্ৰীৰ প্ৰশংসাপত্ৰ

কামৰূপ জিলাৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত পিএমশ্ৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, ফুলগুৰিত আজি সমগ্ৰ শিক্ষা, অসমৰ উদ্যোগত আয়োজিত ৰান্ধনি আৰু ৰন্ধন সহায়কসকলৰ সন্মান প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ সৈতে অংশগ্ৰহণ কৰে।

‘সেৱা সংকল্প অভিযান’ৰ অংশ হিচাপে আয়োজিত অনুষ্ঠানত ৰাণী শিক্ষা খণ্ডৰ ১২৩ গৰাকী ৰান্ধনি আৰু ৰন্ধন সহায়কক তেওঁলোকৰ নিষ্ঠা, দায়বদ্ধতা আৰু সেৱাৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীৰ প্ৰশংসাপত্ৰ আৰু চেক প্ৰদান কৰা হয়।

ৰাজ্যজুৰি মুঠ ১,০৭,০৪৭গৰাকী ৰান্ধনি আৰু ৰন্ধন সহায়কক এইদৰে সন্মানিত কৰা হ’ব।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *