আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ ২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ মৃত্যুৰ বিপৰীতে দাবী পৰিশোধ 

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে ২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত ডেথ ক্লেইম(মৃত্যু দাবী) পৰিশোধ কৰিছে আৰু ধাৰাবাহিকভাৱে দ্বিতীয় বছৰৰ বাবে এই স্থিতি অক্ষুণ্ণ ৰখাৰ কথা কোম্পানীটোৱে সদৰি কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ তথ্য অনুসৰি, বীমাকাৰী প্ৰতিষ্ঠানটোৰ গড় ব্যক্তিগত মৃত্যুৰ ক্লেইম ২০২১ বিত্তীয় বৰ্ষত প্ৰায় ১০ লাখ টকাৰ পৰা বৃদ্ধি পাই ২০২৬ বিত্তীয় বৰ্ষত ১৫ লাখ টকা হৈছেগৈ। সলনি হৈ থকা উপাৰ্জনৰ স্তৰ, ঋণ আৰু পাৰিবাৰিক দায়িত্বৰ সৈতে সংগতি ৰাখি জীৱন বীমাৰ সুৰক্ষাৰ আৱৰণ পুনৰীক্ষণ কৰাৰ গুৰুত্ব উপলব্ধি কৰি যোৱা চাৰিটা বিত্তীয় বৰ্ষত এই গড় দাবীৰ পৰিমাণ ১৪-১৫ লাখ টকাৰ ভিতৰতে আছিল।

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ আণ্ডাৰৰাইটিং এণ্ড ৰিটেইল ক্লেইমচ শাখাৰ মুৰব্বী সাৰং গোখটেই কয় যে, আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফে ২০২৬ বিত্তীয় বৰ্ষত ৫,১৪৯ কোটি টকাৰ মৃত্যুৰ দাবী নিষ্পত্তি কৰিছে। গোখটেই কয় যে, “২০২৬ বিত্তীয় বৰ্ষত আমাৰ দাবী নিষ্পত্তিৰ হাৰ হৈছে ৯৯.৩%। ইয়াৰ উপৰিও সামগ্ৰিক কোম্পানী পৰ্যায়ত শেষৰখন নথি লাভৰ দিনটোৰ পৰা তদন্ত-অনুসন্ধান নকৰা ব্যক্তিগত দাবীসমূহৰ ক্ষেত্ৰত গড় নিষ্পত্তিৰ সময় আছিল মাত্ৰ ১.১ দিন। এয়া আমাৰ গ্ৰাহক আৰু পৰিয়ালসমূহক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে।”

গোখটেই লগতে যোগ দিয়ে যে, কোম্পানীটোৱে দাবী প্ৰক্ৰিয়াসমূহ সৰল কৰি তুলিছে আৰু প্ৰযুক্তি-আধাৰিত সেৱা প্ৰদান কৰিছে যাতে পৰিয়ালসমূহে কোনো বিলম্ব নোহোৱাকৈ বিত্তীয় সাহায্য লাভ কৰিব পাৰে। ইয়াৰ লগতে, তেওঁ পলিচিধাৰীসকলক নিজৰ নিজৰ সলনি হৈ থকা প্ৰয়োজন আৰু বিত্তীয় লক্ষ্যসমূহৰ সৈতে খাপ খোৱাকৈ সময়ানুক্ৰমে জীৱন বীমাৰ আৱৰণ-সুবিধাসমূহ পুনৰীক্ষণ কৰিবলৈকো আহ্বান জনায়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *