সংবিধানৰ সম্ভাব্য ন্যায়িক পৰ্যালোচনাৰ যুক্তি দাঙি ধৰি উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে ‘এক দেশ, এক নিৰ্বাচন’ বিষয়ক সংসদীয় যৌথ সমিতিৰ সৈতে হ’বলগীয়া এক প্ৰস্তাৱিত বৈঠক। অহা ৬ অক্টোবৰত ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু আন কেইবাগৰাকীও জ্যেষ্ঠ ন্যায়াধীশৰ সৈতে অনুষ্ঠিত হ’বলগীয়া আছিল এই বিশেষ আলোচনা। কিন্তু উচ্চতম ন্যায়ালয় প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে ভৱিষ্যতে আইনখন আদালতৰ বিবেচনাধীন হোৱাৰ সম্ভাৱনা থকা বাবে এনে আলোচনাত মিলিত হোৱাটো সমীচীন নহ’ব।
ন্যায়ালয়ৰ মহাসচিবৰ কাৰ্যালয়ে সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা আনুষ্ঠানিক বাৰ্তাত উল্লেখ কৰা হৈছে যে জ্যেষ্ঠ ন্যায়াধীশসকলে প্ৰস্তাৱটো আলোচনা কৰিছে। বাৰ্তাটোত কোৱা হৈছে, “যিহেতু প্ৰস্তাৱিত সংশোধনী বিধেয়কখন ভৱিষ্যতে উচ্চতম ন্যায়ালয়ৰ ন্যায়িক পৰ্যালোচনাৰ আওতালৈ অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, সেয়েহে প্ৰশাসনিক পৰ্যায়ত এই বিষয়ত আলোচনা কৰাটো যুক্তিসংগত বা বাঞ্ছনীয় নহয়। সেইবাবে প্ৰস্তাৱিত বৈঠকখন বাতিল কৰা হৈছে।”
তথ্য অনুসৰি, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ আইনী পৰিক্ৰমা বিভাগৰ জৰিয়তে মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলৰ সৈতে এক ‘স্থানীয় অধ্যয়নমূলক ভ্ৰমণ’ তথা অনানুষ্ঠানিক আলোচনাৰ বাবে আবেদন জনোৱা হৈছিল। বিজেপি সাংসদ তথা প্ৰাক্তন আইন মন্ত্ৰী পি পি চৌধুৰীৰ অধ্যক্ষতাত গঠিত এই সংসদীয় যৌথ সমিতিয়ে লোকসভা আৰু ৰাজ্য বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে অনা সংবিধানৰ ১২৯ সংখ্যক সংশোধনী বিধেয়কখন পৰীক্ষা কৰি আছে। অৱশ্যে অধ্যক্ষ চৌধুৰীয়ে পূৰ্বে দাবী কৰিছিল যে এই বৈঠক বিধেয়কখনৰ ওপৰত আলোচনাৰ বাবে নহয়, বৰঞ্চ সমিতিৰ সদস্যসকলক আদালত চৌহদ আৰু পুথিভঁৰালৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবেহে আছিল।
আনহাতে, উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পূৰ্বেই প্ৰস্তাৱিত বৈঠকখনক লৈ প্ৰশ্ন তুলিছিল জ্যেষ্ঠ অধিবক্তা তথা ৰাজ্যসভাৰ সাংসদ কপিল চিব্বালকে ধৰি কেইবাগৰাকীও বিৰোধী নেতাই। ন্যায়াধীশসকলৰ সৈতে এনে বৈঠক অনুষ্ঠিত কৰা পৰিকল্পনাক ‘সংবিধানক লৈ কৰা ধেমালি’ বুলি আখ্যা দি চিব্বালে যুক্তি দৰ্শাইছিল যে ভৱিষ্যতে যিসকল ন্যায়াধীশে আইনখনৰ সাংবিধানিক বৈধতা নিৰ্ণয় কৰিব, তেওঁলোকৰ সৈতেই বৈঠক অনুষ্ঠিত কৰাটো নীতিবিৰুদ্ধ।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গঠন কৰা ৩৯ জনীয়া এই সংসদীয় সমিতিখনৰ কাৰ্যকাল সংসদৰ শীতকালীন অধিৱেশনৰ শেষ সপ্তাহৰ প্ৰথম দিনটোলৈ বৃদ্ধি কৰা হৈছে। বিগত এটা বছৰত চাৰিগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ- জে এছ খেহৰ, ৰঞ্জন গগৈ, ডি ৱাই চন্দ্ৰচূড় আৰু ইউ ইউ ললিত ইতিমধ্যে সমিতিখনৰ সন্মুখত উপস্থিত হৈছে। বিধেয়কখনক লৈ ৰাজনৈতিক আৰু আইনী মহলত বিতৰ্ক অব্যাহত থকাৰ সময়তে উচ্চতম ন্যায়ালয়ৰ এই পদক্ষেপে সমগ্ৰ বিষয়টোক এক নতুন মাত্ৰা প্ৰদান কৰিছে।
