২০২৬ বিত্তীয় বৰ্ষত গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত মৃত্যুৰ ক্লেইম আদায় দি শীৰ্ষস্থানত আছে আইচিআইচিআই প্রুডেন্সিয়েল লাইফ

ডিব্ৰুগড়: আইচিআইচিআই প্রুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে সাৰ্বজনীনভাৱে উপলব্ধ উদ্যোগৰ প্ৰকাশিত তথ্য অনুসৰি ২০২৬ বিত্তীয় বৰ্ষত পৰিয়ালসমূহক গড়ে ১৫ লাখ টকাৰ ব্যক্তিগত মৃত্যুৰ ক্লেইম পৰিশোধ কৰিছে। কোম্পানীটোৱে বছৰেকত ১০,০০০তকৈ অধিক ব্যক্তিগত মৃত্যুৰ ক্লেইম লাভ কৰা জীৱন বীমা কোম্পানীসমূহৰ ভিতৰত সৰ্বাধিক গড় ক্লেইম মূল্য অক্ষুণ্ণ ৰাখিছে। ২০২১ বিত্তীয় বৰ্ষৰ প্ৰায় ১০ লাখ টকাৰ পৰা ২০২৬ বিত্তীয় বৰ্ষত বীমাকাৰীজনৰ গড় ব্যক্তিগত মৃত্যুৰ ক্লেইম ১৫ লাখ টকালৈ বৃদ্ধি পাইছে। কোম্পানীটোৱে জানিবলৈ দিয়া মতে, বিগত ৪টা বিত্তীয় বৰ্ষত গড় ক্লেইমৰ মূল্য প্ৰায় ১৪-১৫ লাখ টকা হৈ আছে।

আইচিআইচিআই প্রুডেন্সিয়েল লাইফে ২০২৬ বিত্তীয় বৰ্ষত ৫,১৪৯ কোটি টকাৰ মৃত্যুৰ ক্লেইম নিষ্পত্তি কৰিছে আৰু ক্লেইম নিষ্পত্তিৰ হাৰ ৯৯.৩% বুলি প্ৰতিবেদন দাখিল কৰিছে। কোম্পানীটোৱে সামগ্ৰিক পৰ্যায়ত লাভ কৰা অন্তিমখন নথিৰ দিনটোৰ পৰা গণনা কৰি, তদন্তৰ আওতাত নপৰা ব্যক্তিগত ক্লেইমবোৰৰ ক্ষেত্ৰত গড়ে ১.১ দিনৰ টাৰ্নএৰাউণ্ড টাইম বা নিষ্পত্তিৰ সময় ধৰি ৰাখিবলৈ সক্ষম হৈছে।

আইচিআইচিআই প্রুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ আণ্ডাৰৰাইটিং এণ্ড ৰিটেইল ক্লেইমছ শাখাৰ প্ৰধান সাৰং গোখটেই কয় যে, “জীৱন বীমা এক সৰল প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিষ্ঠিত—পৰিয়ালসমূহক আটাইতকৈ বেছি প্ৰয়োজন হোৱাৰ সময়ত বিত্তীয় নিৰাপত্তা প্ৰদান কৰা।” গোখটেই কয় যে, কোম্পানীটোৱে ক্লেইম প্ৰক্ৰিয়াসমূহ সৰল কৰা আৰু প্ৰযুক্তি-সক্ষম সেৱা আগবঢ়োৱা কাৰ্য অব্যাহত ৰাখিছে যাতে পৰিয়ালসমূহে কোনো পলম নোহোৱাকৈ সহায় লাভ কৰে। তেওঁ পলিচীধাৰীসকলক আয়, ঋণ আৰু পৰিয়ালৰ দায়িত্ব সলনি হোৱাৰ লগে লগে সময়ে সময়ে নিজৰ জীৱন বীমাৰ আৱৰণৰ বিষয়ে পৰ্যালোচনা কৰিবলৈও অনুৰোধ জনায়।

কোম্পানীটোৱে কয় যে গড় ব্যক্তিগত মৃত্যুৰ ক্লেইম তুলনামূলক তালিকাত থকা অন্যান্য বীমাকাৰী যেনে এইচডিএফচি লাইফ, এক্সিছ মেক্স লাইফ, বাজাজ এলিয়ান্স লাইফ, এছবিআই লাইফ, ভাৰতী এক্সা লাইফ আৰু এলআইচিতকৈ অধিক হৈ আছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *