ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ কিউক্টাও টাউনশ্বিপত বোমা নিক্ষেপ

ম্যানমাৰৰ সেনাই সোমবাৰে এটা শক্তিশালী বিদ্ৰোহী গোটৰ নিয়ন্ত্ৰণত থকা অঞ্চলত বজাৰৰ সমীপত চলোৱা বিমান আক্ৰমণত প্ৰায় ৪৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৮ জন লোক আহত হয় ৷দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালেৰ পৰা প্ৰায় ৩৪০ কিলোমিটাৰ (২১০ মাইল) পশ্চিমে অৱস্থিত কিউক্টাও টাউনশ্বিপত সোমবাৰৰ এই আক্ৰমণ সংঘটিত হয় । কিউক্টাও ৰাখাইনত অৱস্থিত এটা শক্তিশালী জনগোষ্ঠীয় সশস্ত্ৰ গোট আৰাকান সেনাৰ নিয়ন্ত্ৰণত আছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *