বৃহস্পতিবাৰৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নেপালৰ ভিন্ন প্ৰান্তত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে বিগত ৭২ ঘণ্টাত দেশখনত বৰ্তমানলৈকে প্ৰায় ১৪ জন লোকৰ মৃত্যু হৈছে ।আনহাতে, দেওবাৰে বতৰ বিজ্ঞানীয়ে দেশখনত সতৰ্কতা জাৰি কৰিছে ৷ ইফালে প্ৰশাসনে পুৱা মধ্য নেপালৰ নাৰায়ণী নদীৰ পাৰত বসবাস কৰা সকলো বাসিন্দাৰ বাবে সতৰ্কবাণী জাৰি কৰে ৷ যিহেতু নাৰায়নী নদীৰ জলস্তৰ প্ৰায় ৯ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছে ৷ইফালে বৰ্তমানো দেশখনৰ ভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ কাৰ্য চলোৱাত ব্যাঘাত হৈছে বুলি জানিবলৈ দিছে প্ৰশাসনে ৷ একেদৰে বাগলুং জিলাৰ নিশিখোলা গাঁৱত দেওবাৰে পুৱা সংঘটিত ভূমিস্খলনত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি স্থানীয় এজন বিষয়াই নিউজ এজেঞ্চী এএনআইক জানিবলৈ দিছে ৷
আকৌ নেপালত প্ৰকৃতিক দুৰ্যোগ
