১২ ঘণ্টাৰ পেৰ’ল লৈ জেলৰ পৰা ওলাই কম্বোডিয়াৰ প্ৰেয়সীৰে বিবাহপাশত আৱদ্ধ কুখ্যাত গেংষ্টাৰ মেনপাল বাদলী

অপৰাধৰ অন্ধকাৰ জগতৰ পৰা ওলাই আহি হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ’ল হাৰিয়ানাৰ এজন কুখ্যাত গেংষ্টাৰ। পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পৰা মাত্ৰ ১২ ঘণ্টাৰ পেৰ’ল লাভ কৰি কম্বোডিয়াৰ পৰা অহা প্ৰেমিকা মেটাচানক পত্নীৰূপে গ্ৰহণ কৰিলে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধী মেনপাল ধিল্লা ওৰফে মেনপাল বাদলীয়ে। বৃহস্পতিবাৰে ঝজ্জৰ-গুৰুগ্ৰাম সংযোগী পথৰ দুলীনাৰ এখন ফাৰ্ম হাউচত কটকটীয়া আৰক্ষীৰ বেষ্টনীৰ মাজত এই ব্যতিক্ৰমী বিবাহ সম্পন্ন হয়।

হাৰিয়ানাৰ ঝজ্জৰ জিলাৰ বাদলী গাঁৱৰ বাসিন্দা মেনপালে জীৱনৰ প্ৰথমচোৱাত এগৰাকী ট্ৰেক্টৰ মেকানিক হিচাপে কাম কৰিছিল। কিন্তু ২০০০ চনত নিজৰ বৰদেউতাকৰ হত্যাকাণ্ডৰ প্ৰতিশোধ ল’বলৈ গৈ তেওঁ অপৰাধৰ পথ বাছি লয়। পৰৱৰ্তী সময়ত এটা নিজস্ব অপৰাধ চক্ৰ গঢ়ি তোলা মেনপালৰ বিৰুদ্ধে একাধিক হত্যাৰ গোচৰ ৰুজু হয় আৰু আদালতত তিনিটাকৈ পৃথক গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। কাৰাগাৰত থকা অৱস্থাতো আন এজন কাৰাবন্দীক ছুৰীৰে হানি হত্যা কৰি তেওঁ কুখ্যাত হৈ পৰিছিল।

২০১৯ চনত হিছাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ছসপ্তাহৰ পেৰ’লত মুক্তি লাভ কৰাৰ পিছতেই আৰক্ষীৰ চকুত ধূলি দি অন্তৰ্ধান হৈ পৰে মেনপাল। হাৰিয়ানা আৰক্ষীয়ে তেওঁৰ মূৰৰ মূল্য পাঁচ লাখ টকা ঘোষণা কৰি পলাতক বুলি জাননী জাৰি কৰে।

দেশ এৰি ছনু কুমাৰ নামৰ ভুৱা পৰিচয়েৰে পাছপ’ৰ্ট প্ৰস্তুত কৰি কম্বোডিয়াত আশ্ৰয় লয় মেনপালে। তাত নতুন পৰিচয়েৰে ব্যৱসায় আৰম্ভ কৰাৰ সময়তে স্থানীয় যুৱতী মেটাচানৰ প্ৰেমত পৰে আৰু দুয়ো সংসাৰ আৰম্ভ কৰে।

ইফালে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইয়ে ইণ্টাৰপ’লৰ জৰিয়তে ৰেড নটিচ জাৰি কৰি বেংকক আৰু কম্বোডিয়া আৰক্ষীৰ সহযোগত মেনপালৰ অৱস্থান চিনাক্ত কৰে। অৱশেষত কম্বোডিয়াৰ ৰাজধানী নম পেনৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হয়।

কাৰাগাৰত বন্দী হৈ থকাৰ পিছতো দুয়োৰে মাজৰ সম্পৰ্ক অটুট থাকে। যাৰ ফলশ্ৰুতিত কম্বোডিয়াৰ পৰা নিজৰ তিনি সন্তানসহ ভাৰতলৈ আহি উপস্থিত হয় মেটাচান। উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ১২ ঘণ্টাৰ সাময়িক সকাহৰ সুযোগ লৈ চিবিআইৰ জালত পৰা গেংষ্টাৰজনে অৱশেষত প্ৰেমিকাক সামাজিকভাৱে বিবাহ কৰাই পুনৰ কাৰাগাৰৰ অন্ধকাৰ কুঠৰীলৈ উভতি যায়।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *