২ অক্টোবৰত ‘No UPI Day’

২ অক্টোবৰত ‘No UPI Day’। ক’লা কাপোৰেৰে QR ক’ড ঢাকি প্ৰতিবাদ ব্যৱসায়ীৰ দিল্লীৰ ব্যৱসায়ীসকলৰ এটা সংগঠনে ২ অক্টোবৰত ‘No UPI Day’ পালন কৰাৰ প্ৰস্তুতি চলাইছে।কেন্দ্ৰীয় চৰকাৰ আৰু নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া (NPCI)ৰ নতুন সিদ্ধান্ত অনুসৰি ২০২৬ চনৰ ১৫ অক্টোবৰৰ পৰা ২,০০০ টকাতকৈ অধিক UPI লেনদেনৰ ওপৰত ০.৪ শতাংশ ‘মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট’ আৰোপ কৰা হ’ব।এই সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি ব্যৱসায়ীসকলৰ মাজত তীব্ৰ অসন্তোষে দেখা দিছে।ইয়াৰ প্ৰতিবাদত ২ অক্টোবৰ (গান্ধী জয়ন্তী) দিনটোত ‘No UPI Day’ পালন কৰাৰ সিদ্ধান্ত লৈছে ব্যৱসায়ীসকলৰ সংগঠনে। ‘চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী’ (CTI) আৰু ‘মহাৰাষ্ট্ৰ চেম্বাৰ অৱ কমাৰ্চ’ (MACCIA) সহ দেশৰ কেইবাটাও প্ৰধান ব্যৱসায়ী সংগঠনে এই প্ৰতিবাদৰ নেতৃত্ব দিছে।উল্লেখ্য যে, ২ অক্টোবৰৰ দিনা ব্যৱসায়ীসকলে দোকানত থকা UPI QR ক’ড, স্কেনাৰ আৰু ছাউণ্ড বক্স ক’লা কাপোৰেৰে ঢাকি ৰাখিব। সেইদিনা কোনো ধৰণৰ অনলাইন বা UPI পেমেণ্ট গ্ৰহণ কৰা নহ’ব, গ্ৰাহকৰ পৰা কেৱল নগদ ধন (Cash) গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *