উত্তৰ-পূবৰ সীমান্তৱৰ্তী ৰাজ্য মণিপুৰত পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ ৰক্তাক্ত কাণ্ড। বৃহস্পতিবাৰে বিয়লি ভাৰত-ম্যানমাৰ সীমান্তৰ নিচেই কাষৰীয়া কামজং জিলাৰ পিলং গাঁৱত অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তৰ এটা দলে অতৰ্কিতে প্ৰৱেশ কৰি চলোৱা নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত হয় চাৰিজানকৈ নিৰীহ গাঁওবাসী। চুবুৰীয়া ম্যানমাৰৰ এক বিদ্ৰোহী সংগঠনৰ সদস্য বুলি সন্দেহ কৰা দুৰ্বৃত্তৰ দলটোৱে আধুনিক স্বয়ংক্ৰিয় মাৰণাস্ত্ৰৰে সজ্জিত হৈ এই আক্ৰমণ চলোৱা বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নিহত লোককেইজন ক্ৰমে ফামী জাজো (৪৩), নিংথেম কাশাক (৩৫), বেটাৰচন জাজো (৫০) আৰু ভাৰেশিম জাজো (৬৭) বুলি চিনাক্ত কৰা হৈছে। আক্ৰমণৰ সময়ত উপস্থিত থকা আন এগৰাকী ব্যক্তিয়ে কোনোমতে প্ৰাণৰক্ষা কৰি ওচৰৰ হাবিত আশ্ৰয় লয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে চচাড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু অসম ৰাইফলছৰ এটা যৌথ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে কামজং জিলা সদৰলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় ন্যায় সংহিতা আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত এটা স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
এই নৃশংস নৰসংহাৰৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে থলুৱা নাগা সংগঠনসমূহ। নাগা জনগোষ্ঠীৰ শীৰ্ষ সংগঠন ‘টাংখুল নাগা লং’ চমুকৈ টিএনএলে নিজৰ এলেকাত ২৫ ছেপ্টেম্বৰৰ পুৱা ৭ বজাৰ পৰা ২৬ ছেপ্টেম্বৰৰ পুৱা ৭ বজালৈ ২৪ ঘণ্টীয়া জৰুৰী সম্পূৰ্ণ বন্ধ ঘোষণা কৰে। সংগঠনটোৱে অভিযোগ তোলা অনুসৰি কুকি নেচনেল আৰ্মী-বাৰ্মা (কেএনএ-বি) আৰু অন্যান্য সশস্ত্ৰ গোটৰ কেডাৰে এই চাৰিগৰাকী নিৰীহ লোকক গুলীয়াই হত্যা কৰে।
আনহাতে, সীমান্তৰ এই উত্তপ্ত নিৰাপত্তা পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙৰ আগন্তুক উখৰুল জিলা ভ্ৰমণক লৈয়ো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ‘খানুইথট-খন’ নামৰ টাংখুল নাগা যুৱ সংগঠনে ২৮ ছেপ্টেম্বৰত নিৰ্ধাৰিত মুখ্যমন্ত্ৰীৰ এই চৰকাৰী ভ্ৰমণ বাতিল কৰিবলৈ দাবী জনাইছে। বিগত সময়ছোৱাত কেইবাজনো নাগা লোকক হত্যা কৰাৰ পিছতো চৰকাৰে নিৰাপত্তা সুনিশ্চিত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি সংগঠনটোৱে কয় যে শান্তি, ন্যায় আৰু জবাবদিহিতা নিশ্চিত নকৰাকৈ কেৱল চৰকাৰী শিবিৰ অনুষ্ঠিত কৰাটো গ্ৰহণযোগ্য নহয়। দূৰ্গম পাহাৰীয়া এলেকা কামজঙত ঘটা এই গুলীচালনাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে পুনৰবাৰ তীব্ৰ আতংক আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে।
