আইডিএফচি ফাৰ্ষ্ট বেংকে পেমেণ্ট গেটৱেক চিবিডিটি(কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ড) সংগ্ৰহ প্ৰণালীৰ সৈতে সমন্বয় সাধন কৰিছে, যাৰ ফলত সমগ্ৰ ভাৰতৰে কৰদাতাসকলে একাধিক ডিজিটেল আৰু ভৌতিক চেনেলৰ জৰিয়তে প্ৰত্যক্ষ কৰ পৰিশোধ কৰিব পাৰিব।
কৰদাতাসকলে ইউপিআই, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু আইডিএফচি ফাৰ্ষ্ট বেংকৰ ৰিটেইল আৰু কৰ্পৰেট ইণ্টাৰনেট বেংকিং প্লেটফৰ্মৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব। চেক, ডিমাণ্ড ড্ৰাফ্ট বা নগদ ধনৰ জৰিয়তে যিকোনো আইডিএফচি ফাৰ্ষ্ট বেংকৰ শাখাত অফলাইন পৰিশোধো কৰিব পৰা যাব। অন্যান্য বেংকৰ গ্ৰাহকসকলে আইডিএফচি ফাৰ্ষ্ট বেংকৰ পেমেণ্ট গেটৱেৰ জৰিয়তে নিজ নিজ বেংকৰ ইণ্টাৰনেট বেংকিং সুবিধা ব্যৱহাৰ কৰিব পাৰিব। এই সুবিধাই ব্যৱহাৰকাৰীসকলক চালান আৰু পৰিশোধৰ নিশ্চিতকৰণ চাব পৰা আৰু ডাউনলোড কৰাৰ সুবিধাও প্ৰদান কৰে।
আইডিএফচি ফাৰ্ষ্ট বেংকৰ ৰিটেইল লায়েবিলিটিজ, কাৰ্ডছ এণ্ড পেমেণ্টছ শাখাৰ মুৰব্বী শিৰীষ ভাণ্ডাৰীয়ে এই বিষয়ে কয় যে, এই একত্ৰীকৰণে কৰদাতাসকলক এটা সুৰক্ষিত প্লেটফৰ্মৰ জৰিয়তে নিজৰ পছন্দৰ পেমেণ্ট ম’ড বাচনি কৰাত অধিক সুবিধা প্ৰদান কৰিব।
গুৱাহাটী মহানগৰীত এই সুবিধাই কৰদাতা, ব্যৱসায়ী আৰু পেছাদাৰীসকলক ডিজিটেল পদ্ধতিৰে প্ৰত্যক্ষ কৰ পৰিশোধ সম্পূৰ্ণ কৰাৰ বাবে অতিৰিক্ত বিকল্প প্ৰদান কৰিব পাৰে, আনহাতে যিসকলে ভৌতিক মাধ্যম পচন্দ কৰে, সেইসকল লোকৰ বাবে শাখা-আধাৰিত পৰিশোধৰ সুবিধাও বাহাল ৰাখিব।
চিবিডিটিৰ হৈ প্ৰত্যক্ষ কৰ সংগ্ৰহ কৰিবলৈ কৰ্তৃত্ব লাভ কৰা বেচৰকাৰী খণ্ডৰ বেংকসমূহৰ ভিতৰত অন্যতম এই বেংকটোৱে কয় যে, এই একত্ৰীকৰণে ডিজিটেল পেমেণ্ট আন্তঃগাঁথনিক শক্তিশালী কৰিব। ২০২৬ চনৰ ৩০ জুনলৈকে বেংকটোৱে আমানত (ডিপজিট) আৰু ঋণ সহ ৬,০৪,৭৭৬ কোটি টকাৰ গ্ৰাহক ব্যৱসায়ৰ কথা প্ৰতিবেদন কৰিছে, যি বছৰি প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে।
আইডিএফচি ফাৰ্ষ্ট বেংকে ইউপিআই, কাৰ্ড আৰু নেট বেংকিঙৰ জৰিয়তে প্ৰদান কৰিছে প্ৰত্যক্ষ কৰ পৰিশোধৰ সুবিধা
