ৰাজ্যখনৰ মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু সুলভ কৰি তুলিবলৈ তামিলনাডু চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।অহা ২ অক্টোবৰৰ পৰা সমগ্ৰ তামিলনাডুত মহিলা আৰু লিংগপ্ৰাৰ্থী (ট্রান্সজেণ্ডাৰ) সকলৰ বাবে এক বিশেষ বিনামূলীয়া বাছ যাত্ৰাৰ সম্প্ৰসাৰিত প্ৰকল্প আৰম্ভ হ’বলৈ গৈ আছে, যাৰ নাম দিয়া হৈছে ‘ভেট্ৰি পয়ণম’ (Vettri Payanam)। প্ৰতি বছৰে ২ অক্টোবৰত সমগ্ৰ দেশজুৰি পালন কৰা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। এই বিশেষ দিনটোত তামিলনাডু চৰকাৰে ৰাজ্যখনৰ মহিলাসকলৰ বাবে এক ডাঙৰ উপহাৰ ঘোষণা কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী চি. জোচেফ বিজয়ৰ নেতৃত্বাধীন চৰকাৰে মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল, সুলভ আৰু সুৰক্ষিত কৰি তোলাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। ৰাজ্যখনৰ মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু সুলভ কৰি তুলিবলৈ তামিলনাডু চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ এই আঁচনিৰ জৰিয়তে প্ৰতিদিনে প্ৰায় ৮৪.৩২ লাখ মহিলা প্ৰত্যক্ষভাৱে উপকৃত হ’ব বুলি জানিব পৰা গৈছে।
৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা
