অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক

অসমৰ বাবে গৌৰৱৰ আন এক খবৰ কঢ়িয়াই  আনিছে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত  গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰীয়ে।বিশ্ববিদ্যালয়খনত বি ফাৰ্ম অধ্যয়ন কৰি থকা চাৰ্লিন মাহালিয়া আৰু প্ৰাচিতা দুৱাৰাই মস্কোত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী আন্দোলনৰ চতুৰ্থ কংগ্ৰেছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। ১৬ আৰু ১৭ ছেপ্টেম্বৰত ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ’বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব দুই ছাত্ৰীয়ে।

আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা তেওঁলোকে মস্কো অভিমুখে যাত্ৰা আৰম্ভ কৰে। ভাৰতৰ ৩০জনীয়া প্ৰতিনিধি দলৰ সদস্য হিচাপে চাৰ্লিন আৰু প্ৰাচিতাই এই সন্মিলনত অংশ ল’ব।  মস্কোত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ জৰিয়তে দুই ছাত্ৰীয়ে বিভিন্ন দেশৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব।

চতুৰ্থ কংগ্ৰেছত ইতিহাসৰ স্মৃতি সংৰক্ষণ, পাৰস্পৰিক সন্মান, বন্ধুত্ব আৰু গঠনমূলক আন্তঃৰাষ্ট্ৰীয় মত বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে দুই ছাত্ৰীলৈ সন্মিলনত সফল আৰু সমৃদ্ধ অভিজ্ঞতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *