চাৰি বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা; দোষীক ফাঁচীৰ নিৰ্দেশ আদালতৰ

মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত কৰা হ’ল এগৰাকী চাৰি বছৰীয়া কণমানিৰ ধৰ্ষণ আৰু হত্যা গোচৰৰ অপৰাধীক।ধুবুৰী জিলাৰ বিলাসীপাৰা অতিৰিক্ত আৰু জিলা সত্ৰ ন্যায়ালয়ৰ বিশেষ ন্যায়াধীশ ৰাণা দত্তই সোমবাৰে এই ঐতিহাসিক ৰায়দান কৰি দোষী উৎপল ৰায়ৰ বিৰুদ্ধে ফাঁচীৰ নিৰ্দেশ দিয়ে।আদালতৰ তথ্য অনুসৰি, ২০২৩ চনত চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণকালি চাহ বাগিচাত সংঘটিত হৈছিল এই হৃদয়বিদাৰক কাণ্ড। চাৰি বছৰীয়া নিষ্পাপ কণমানিজনীক যৌন নিৰ্যাতন চলাই বৰ্বৰভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল উৎপল ৰায়ৰ বিৰুদ্ধে। এই জঘন্য অপৰাধৰ ফলত সমগ্ৰ অঞ্চলটোতে শিশু সুৰক্ষাক লৈ তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছিল।দীৰ্ঘ ন্যায়িক প্ৰক্ৰিয়াৰ অন্তত বিশেষ আদালতখনে ভাৰতীয় দণ্ডবিধি আৰু পকচো আইনৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্ত উৎপল ৰায়ক দোষী সাব্যস্ত কৰে। লগতে যাৱতীয় জৰিমনা আৰু অন্যান্য আইনী শাস্তিও বিহা হয়।ৰায়দানৰ সময়ত ন্যায়াধীশে উল্লেখ কৰে যে অপৰাধৰ ভয়াবহতা আৰু বৰ্বৰতা বিবেচনা কৰি এই গোচৰটোক ‘বিৰলৰো বিৰলতম’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। এনে পাশৱিক অপৰাধৰ বাবেই দোষীক সৰ্বোচ্চ শাস্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে আদালতে।আইন অনুসৰি, উপযুক্ত উচ্চ ন্যায়ালয়ৰ পৰা এই মৃত্যুদণ্ডৰ ৰায় চূড়ান্তভাৱে অনুমোদন হোৱাৰ পিছতেই অপৰাধীৰ ফাঁচীৰ প্ৰক্ৰিয়া কাৰ্যকৰী কৰা হ’ব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *