শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰৰ মাটিৰ সমস্যা সমাধানৰ বাবে অসম আৰু পশ্চিমবংগৰ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান

কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত ষোড়শ শতিকাত প্রতিষ্ঠা লাভ কৰা দহ মুকুতৰ পৱিত্ৰ থান তথা অসমৰ জাতীয় জীৱনৰ অন্যতম পীঠস্থান হিচাপে পৰিগণিত হৈ অহা অসমৰ ধুবুৰী জিলাৰ গাতে লগা  পশ্চিমবংগৰ কোচবিহাৰৰ শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰখনেও অসমৰ বহু সত্ৰৰ দৰে মাটিৰ সমস্যাত ভুগি আছে। আনকি এটা সময়ত ৫০০ বিঘাতকৈ অধিক মাটি থকা অসমৰ জাতীয় জীৱনৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত ঐতিহাসিক সত্ৰখনত এতিয়া প্ৰায় ৫৫ বিঘা মানহে মাটি আছে । এই কথা সদৰি কৰিছে শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰৰ সত্ৰাধিকাৰৰ পীতাম্বৰ ৰায়ে ( আতৈ) । অলপতে গুৱাহাটীৰ পৰা যোৱা সাংবাদিকৰ দল এটাক সত্ৰাধিকাৰ পীতাম্বৰ ৰায়ে জানিবলৈ দিয়া মতে এই সন্দৰ্ভত ২০২৫ চনত অসম চৰকাৰে তেতিয়াৰ বিধায়ক প্ৰদীপ হাজৰিকাক অধ্যক্ষ হিচাপে লৈ গঠন কৰা অসম সত্ৰ আয়োগক সত্ৰৰ মাটি বেদখলমুক্ত কৰি মাটিৰ সমস্যাটো চিৰদিনৰ বাবে সমাধান কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। ২০২৫ চনৰ ৮ জুনত প্ৰদান কৰা স্মাৰক পত্ৰখনত কোনে কেনেকৈ সত্ৰৰ মাটি বেদখল কৰি আহিছে তাৰ বিতং বিৱৰণ দিয়া হৈছে। শেহতীয়াভাৱে আমি জানিব পাৰিছো যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মধুপুৰ সত্ৰ চৌহদক মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জন্মস্থান পৱিত্ৰ বৰদোৱা সত্ৰৰ দৰে নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছে।  বৰদোৱা সত্ৰৰ আৰ্হিত মধুপুৰ সত্ৰক উন্নীত কৰিবৰ বাবে অসম চৰকাৰে ৩৫ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছে বুলি আমাক অসম চৰকাৰৰ এক সূত্ৰই সদৰি কৰিছে।

 ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ , লোক নিৰ্মাণ বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়া ,  অভিযন্তা ,  স্থপতিবিদ আদিয়ে সময়ে সময়ে মধুপুৰ সত্ৰলৈ আহি প্ৰস্তাৱিত ৩৫ কোটি টকীয়া আঁচনি ৰূপায়ণ কৰা সন্দৰ্ভত বুজ লৈছে। শঙ্কৰদেৱ  কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰেও কেবাবাৰো আহি সত্ৰ চৌহদ পৰিভ্ৰমণ কৰিছে। আমি আশা কৰিছো অসম আৰু পশ্চিমবংগৰ দুয়োখন চৰকাৰ একে দলৰে হোৱাৰ লগতে দুয়োজন মুখ্যমন্ত্ৰী ব্যক্তিগত পৰ্যায়ত ভাল বন্ধু হোৱা বাবে সত্ৰৰ মাটি বেদখলমুক্ত হব। আমি জানিব পাৰিছো যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতেও যোগাযোগ কৰিছে।  আশা ৰাখিছো মাটিৰ সমস্যাটো চিৰদিনৰ বাবে সমাধান হব । অৱশ্যে প্ৰস্তাৱিত আঁচনিখন কাৰ্যকৰী হোৱাৰ আগতে বৰ্তমান আৰ্থিককে ধৰি যিখিনী সমস্যা আছে সেইখিনী যাতে বৰ্তমান চৰকাৰে সমাধান কৰি দিয়ে তাৰ বাবে আমি অসম চৰকাৰক আহ্বান জনাইছো। উল্লেখ্য যে পীতাম্বৰ ৰায়ে ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা সত্ৰাধিকাৰ হিচাপে দায়িত্ব পালন কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ ২০১২ চনৰ পৰা ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীলৈকে সত্ৰৰ ডেকা সত্ৰাধিকাৰ পদত অধিষ্ঠিত আছিল। আনহাতে গুৱাহাটীৰ খানামুখ অঞ্চলৰ প্ৰখ্যাত নামতি দল হিচাপে পৰিচিত আৰু বিগত সময়ত মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং , বৰাপানী,  নংপোৰ সমীপৰ মাৰঙা , পাথাৰখামাৰ সমীপৰ বাৰেগাওঁ, উমচাও আদিত থকা নামঘৰ আদিত নাম পৰিবেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰা জ্ঞানমালিনী বিকশিত নামতি দলটোৱে যোৱা ৫ আৰু ৬ ছেপ্টেম্বৰত মধুপুৰ সত্ৰত দুদিন থাকি নাম প্ৰসংগ পৰিৱেশন কৰে। দলটোৰ সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা তথা মুখ্য নামতি জুমি কলিতাৰ নেতৃত্বত যোৱা ১৩ জনীয়া নামতি দলটোৱে মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিৰ আধাৰত পৰিবেশন কৰা দিহা নাম পৰিবেশন শৈলীয়ে সত্ৰত থকা সকলোৰে সমাদৰ লাভ কৰে।

জানিব পৰা মতে  কোচবিহাৰৰ ৰাজ পৰিয়ালৰ অধ্যক্ষ তথা কুমাৰ জিতেন্দ্ৰ নাৰায়ণসহ তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰাও নামতি দলটোক নাম প্ৰসংগ পৰিৱেশন কৰা বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।  নামতি দলটোক থকা মেলাকে ধৰি সকলো দিশতে যাৱতীয় সহায় সহযোগিতা আগবঢ়াইছিল সংযুক্ত কামতাপুৰ ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় কমিটিৰ সচিব প্ৰধান ৰতন ৰায় আৰু মুখ্য সাংগঠনিক সম্পাদক মৃদুল ৰায়ে । নামতি দলটোৱে দুয়োজনকে মধুপুৰ সত্ৰত থকা সময়চোৱাত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা বাবে আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে  অসমীয়া আধ্যাত্মিক আৰু জাতীয় জীৱনৰ অন্যতম পীঠস্থান হিচাপে পৰিগণিত মধুপুৰ সত্ৰতেই মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে দেহত্যাগ কৰিছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *