তিনি দশকজোৰা দীঘলীয়া আইনী যুঁজৰ অন্তত অৱশেষত ন্যায় পালে এগৰাকী দুৰ্ভগীয়া বৃদ্ধাই। ডাইনী সন্দেহত এগৰাকী আশীবছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰাৰ গোচৰত ছজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে আদালতে। ১৯৯৫ চনতে সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পেলাই বুধবাৰে ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই ঐতিহাসিক ৰায় ঘোষণা কৰে।
আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা লোককেইজন হ’ল বনেশ্বৰ বড়ো, জংগল বড়ো, সুৰজ বড়ো, কান্দুৰা বড়ো, হৰেশ্বৰ বড়ো আৰু ধনলা বড়ো। এই সকলো দোষী একেটা অঞ্চলৰে বাসিন্দা। ভাৰতীয় দণ্ডবিধিৰ ১৪৭, ১৪৮, ১৪৯, ৩০২, ৪৪৮ আৰু ২০১ ধাৰাৰ অধীনত আদালতে দোষীকেইজনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
চৰকাৰী পক্ষৰ অভিযোগ অনুসৰি, কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বৰডাঙৰীকুছি গাঁৱত সংঘটিত হৈছিল এই বৰ্বৰ কাণ্ড। একাংশ লোকে গাঁওখনৰে মাৰিয়া বড়ো নামৰ আশীবছৰীয়া বৃদ্ধাগৰাকীৰ ওপৰত ডাইনী কাৰ্যকলাপত লিপ্ত থকাৰ ভিত্তিহীন অভিযোগ তুলিছিল। ইয়াৰ পিছতেই অভিযুক্তসকলে বৃদ্ধাগৰাকীৰ ওপৰত আক্ৰমণ চলাই হত্যা কৰে। ঘটনাৰ প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যেৰে পাছত মৃতদেহটো জ্বলাই দিয়া বুলি আদালতত উল্লেখ কৰে চৰকাৰী অধিবক্তাই।
১৯৯৫ চনত পঞ্জীয়ন হোৱা এই পুৰণি গোচৰটো বছৰ বছৰ ধৰি আদালতত চলি আছিল। বুধবাৰৰ এই গুৰুত্বপূৰ্ণ ৰায়ৰ জৰিয়তে প্ৰায় ৩১ বছৰৰ মূৰকত এই ঐতিহাসিক বিচাৰ প্ৰক্ৰিয়াৰ সামৰণি পৰে।
