বিষাক্ত সুৰাই প্ৰাণ ল’লে কেইবাজনো লোকৰ ৷ মধ্যপ্ৰদেশৰ সাগৰ জিলাত বিষাক্ত সুৰা সেৱন কৰি ১৬ জন লোকৰ মৃত্যু ঘটে ৷ বিপৰীতে প্ৰায় ৩৫ জন লোক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে ৷ দেওবাৰে এই খবৰ পোহৰলৈ আহিছে ৷চিকিৎসাধীন একাংশৰ অৱস্থা সংকটজনক ৷ তেওঁলোকক ইতিমধ্যে বুণ্ডেলখণ্ড চিকিৎসা মহাবিদ্যালয় আৰু সাগৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । দেওবাৰে পুৱাৰ ভাগত এই খবৰ পোহৰলৈ অহাৰ লগতে বিষয়টোৰ তদন্ত অব্যাহত থকা বুলি জিলা আয়ুক্ত প্ৰতিভা পালে জানিবলৈ দিয়ে ৷
বিষাক্ত সুৰাই প্ৰাণ ল’লে কেইবাজনো লোকৰ
