এলআইচি হাউছিং ফাইনেন্স লিমিটেডক প্ৰায় ১,৩২২ কোটি টকা প্ৰৱঞ্চনা কৰাৰ অভিযোগত তীব্ৰ আইনী সংকটত সোমাই পৰিছে জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰ। শনিবাৰে উদ্যোগপতিগৰাকীৰ লগতে আন কেইবাজনৰো বিৰুদ্ধে এক গোচৰ ৰুজু কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে।
ইপিনে শেহতীয়াকৈ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণতো (এনচিএলটি) এক মোক্ষম আঘাতৰ সন্মুখীন হয় সুভাষ চন্দ্ৰ। মুঠ ২২,০০৬.৫৭ কোটি টকাৰ দাবীৰ বিপৰীতে মাত্ৰ ৬.২৫ কোটি টকা পৰিশোধ কৰি নিজৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়া নিষ্পত্তি কৰাৰ বাবে তেওঁক পূৰ্বে দিয়া অনুমতি স্থগিত ৰাখে ন্যায়াধিকৰণে।
এনচিএলটিৰ মুৰব্বী অনুপিন্দৰ সিং গ্ৰেৱালৰ নেতৃত্বাধীন পাঁচজনীয়া বিশেষ বিচাৰপীঠে স্পষ্ট কৰে যে ঋণ পৰিশোধৰ পৰিকল্পনাত কোনো নিৰ্দিষ্ট সংখ্যাগৰিষ্ঠতা নাই। ইয়াৰ লগতে কোনো ধৰণৰ সম্পত্তি হস্তান্তৰ নকৰিবলৈও চন্দ্ৰক সকীয়নি প্ৰদান কৰে আদালতে। এনে আইনী জটিলতাৰ মাজতে চিবিআইয়ে ৰুজু কৰা এই নতুন গোচৰে প্ৰতিষ্ঠানটোৰ সমস্যা অধিক জটিল কৰি তুলিছে।
