নগাঁৱৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ তদন্ত দাবী সাংসদ ৰকিবুল হুছেইনৰ

প্ৰশাসনিক পদ ত্যাগ কৰি এতিয়া ৰাজনৈতিক ৰণাঙ্গণত নমাৰ যো-জা চলাইছে নগাঁৱৰ সদ্যপ্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাই। বিগত কিছুদিন ধৰি তেওঁৰ বিজেপিত যোগদানৰ চৰ্চাৰ মাজতে আয়ুক্তৰ পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে দেৱাশীষ শৰ্মাই। ইয়াৰ পিছতে তেওঁ বিজেপিৰ হৈ নগাঁৱৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনাক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে। কিন্তু ৰাজনীতিৰ পথাৰত ভৰি থোৱাৰ পূৰ্বেই প্ৰাক্তন বিষয়াগৰাকীৰ বিৰুদ্ধে নামি পৰিছে কংগ্ৰেছ।

আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত প্ৰশাসনিক ক্ষমতাৰ অপব্যৱহাৰ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিত অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ তুলি শৰ্মাৰ বিৰুদ্ধে এক স্বতন্ত্ৰ আৰু সময়সীমাযুক্ত তদন্তৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনত দেৱাশীষ শৰ্মাই গেৰুৱা দলৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ পৰিকল্পনাৰ মাজতে ভাৰতীয় নিৰ্বাচন আয়োগলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰে সাংসদজনে।

জিলা নিৰ্বাচনী বিষয়াৰ দায়িত্বত থকা কালছোৱাত দেৱাশীষ শৰ্মাই লোৱা সকলো নিৰ্বাচনকেন্দ্ৰিক সিদ্ধান্ত পুনৰীক্ষণ কৰাৰ বাবেও আয়োগৰ ওচৰত স্পষ্ট দাবী জনায় কংগ্ৰেছ সাংসদগৰাকীয়ে। চৰকাৰী চাকৰিৰ পৰা অৱসৰ ল’লেই অতীতৰ কোনো অনিয়মৰ পৰা ৰক্ষা পোৱাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি প্ৰয়োজনীয় সকলো নথিপত্ৰ সুৰক্ষিতভাৱে সংৰক্ষণ কৰিবলৈ আয়োগক আহ্বান জনায় প্ৰদেশ কংগ্ৰেছে।

উল্লেখ্য যে, ২০২৫ চনৰ ডিচেম্বৰ মাহত নগাঁৱৰ আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা বিষয়াগৰাকীয়ে শেহতীয়াকৈ বিচৰা স্বেচ্ছামূলক অৱসৰৰ আবেদনত ৰাজ্য চৰকাৰে অনুমোদন জনায়। তাৰ পাছতেই তেওঁ বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা বৃদ্ধি পোৱা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে যদিও এইপৰ্যন্ত গেৰুৱা শিবিৰ বা দেৱাশীষ শৰ্মাৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

উল্লেখ্য যে প্ৰাক্তন কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছতেই নগাঁও লোকসভা সমষ্টিটো খালী হৈ পৰিছিল, যাৰ বাবে নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ এতিয়াও বাকী আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *