ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটাৰ ৰোহিত শৰ্মাৰ এদিনীয়া ক্ৰিকেটৰ ভৱিষ্যত আৰু অৱসৰক লৈ চলি থকা বিভ্ৰান্তিসমূহৰ বিচিচিআইয়ে অৱশেষত অন্ত পেলাইছে। মুম্বাইত অনুষ্ঠিত ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ সমীক্ষা বৈঠকৰ পাছত ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই ৰোহিত শৰ্মাৰ সন্দৰ্ভত এক ডাঙৰ স্পষ্টীকৰণ দিয়ে। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই সাংবাদিকৰ আগত কয় যে ৰোহিত শৰ্মাৰ অৱসৰক লৈ চলি থকা উৰাবাতৰিবোৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই।
তেওঁ স্পষ্ট কৰি দিয়ে যে ৰোহিতে বৰ্তমান অতি সুন্দৰ ফৰ্মত আছে আৰু প্ৰতিখন মেচতে উৎকৃষ্ট প্ৰদৰ্শন কৰি আহিছে। শেহতীয়াকৈ তেওঁ শতকৰান অৰ্জন কৰি নিজৰ যোগ্যতা পুনৰ প্ৰমাণ কৰিছে। সেয়েহে তেওঁৰ ভৱিষ্যতক লৈ কোনো ধৰণৰ প্ৰশ্ন উত্থাপনৰ সুযোগ নাই।
মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, অধিনায়ক শুভমন গিল আৰু শ্ৰেয়স আয়াৰ আদিৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ লগতে দলৰ সামগ্ৰিক প্ৰদৰ্শন সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰা হয়। বিচিচিআইৰ এই স্পষ্ট বাৰ্তাই ৰোহিত শৰ্মাৰ অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে।
