বিৰিয়ানী খোৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই বিহা শাস্তিত মানসিকভাৱে ভাগি পৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী ছাত্ৰীয়ে। বিদ্যালয়ৰে অট্টালিকাৰ ছাদৰ পৰা তললৈ জঁপিয়াই আত্মহনন কৰে একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে। হাৰিয়ানাৰ ফৰিদাবাদৰ ডাবুৱা কলনীস্থিত গাজীপুৰ ৰোডৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মঙলবাৰে দিনৰ প্ৰায় ১ বজাত এই ঘটনা সংঘটিত হয়। গুৰুতৰভাৱে আহত ছাত্ৰীগৰাকীক বিদ্যালয় কৰ্তৃপক্ষই ওচৰৰ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ঘটনাৰ আঁৰৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, বিদ্যালয় কৰ্তৃপক্ষক নজনোৱাকৈ ছাত্ৰীগৰাকীয়ে বাহিৰলৈ গৈ বিৰিয়ানী খাইছিল আৰু দুপৰীয়াৰ আহাৰক লৈ আন সহপাঠীৰ সৈতেও বিবাদত লিপ্ত হৈছিল। এই কথাত ক্ষুব্ধ হৈ শিক্ষকজনে ছাত্ৰীগৰাকীক কঠোৰ শাস্তি বিহে আৰু শ্ৰেণীকোঠাৰ বাহিৰত থিয় কৰাই থয়। শিক্ষকৰ এই অপমান আৰু শাস্তিৰ বাবেই কন্যাই আত্মহননৰ পথ বাচি লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৃত ছাত্ৰীগৰাকীৰ পিতৃয়ে।
ছাত্ৰীগৰাকীৰ পিতৃয়ে কয়, “মোৰ কন্যা পঢ়া-শুনাকে ধৰি সকলো দিশতে ভাল আছিল। বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীয়ে মোক জনায় যে শিক্ষকজনে তাইক একেৰাহে চাৰি ঘণ্টা শ্ৰেণীকোঠাৰ বাহিৰত থিয় কৰাই ৰাখিছিল।” দুপৰীয়াৰ আহাৰক লৈ আন শিক্ষাৰ্থীৰ মাজত সৃষ্টি হোৱা বিবাদৰ সৈতে কন্যা জড়িত নাছিল যদিও শিক্ষকে অনাহকত তাইক শাস্তি বিহা বুলিও তেওঁ দাবী কৰে।
ইপিনে, পিতৃৰ এই সকলো অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে বিদ্যালয়খনৰ অধ্যক্ষই। সংবাদ মাধ্যমৰ আগত অধ্যক্ষগৰাকীয়ে কয়, “চাৰি ঘণ্টা ধৰি এগৰাকী ছাত্ৰীক এনেদৰে শাস্তি দিয়াটো সম্ভৱ নহয়। ছাত্ৰীগৰাকীয়ে শৌচাগাৰলৈ যোৱাৰ অনুমতি বিচাৰি ওলাই গৈছিল আৰু তাৰ পিছতেই অট্টালিকাৰ পৰা তললৈ জঁপিয়ায়।”
সমগ্ৰ ঘটনা সন্দৰ্ভত ডাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমেৰ জানিবলৈ দিয়া মতে, পৰিয়ালে এই পৰ্যন্ত কোনো আনুষ্ঠানিক এজাহাৰ দাখিল কৰা নাই। এজাহাৰ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে যাৱতীয় তদন্ত আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে।
