বৈশ্বিক সংকটৰ মাজতো ভাৰতৰ অৰ্থনৈতিক উত্থানঃ বিৰোধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

বিশ্বজুৰি অব্যাহত থকা যুদ্ধ আৰু অৰ্থনৈতিক সংকটৰ মাজতো দেশৰ উন্নয়নৰ ধাৰা অব্যাহত আছে। এই দাবী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এছচিঅ’ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কিৰ্গিজস্তানৰ ৰাজধানী বিশকেকত উপস্থিত থকা প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক নাম নোলোৱাকৈ তীব্ৰ কটাক্ষ কৰে।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি চলতি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত (এপ্ৰিল-জুন) দেশৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি বিকাশৰ হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি পাইছে। এই ফলাফল আশা কৰা ৭.১ শতাংশতকৈ যথেষ্ট অধিক বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্ব সংকট আৰু যোগান শৃংখলৰ অচলাৱস্থাত থকাৰ সময়তো ভাৰতে অতি দ্ৰুত গতিৰে বিকাশৰ দিশত অগ্ৰগতি লাভ কৰিছে।

দেশৰ এই অগ্ৰগতিৰ বিপৰীতে একাংশ হতাশাগ্ৰস্ত লোকে অপপ্ৰচাৰ চলাই থকা বুলি অভিযোগ তোলে মোদীয়ে। ৰাহুল গান্ধীৰ ‘ছাত্ৰোঁ কী গুঞ্জ’ কাৰ্যসূচীক ‘মিছাৰ গুঞ্জ’ বুলি আখ্যা দি তেওঁ কয় যে দেশে আত্মনিৰ্ভৰশীলতাৰ পথত অগ্ৰসৰ হোৱাটো অতি প্ৰয়োজনীয়।

স্বাধীন ভাৰতৰ শতবৰ্ষত এখন উন্নত দেশ গঢ়াৰ স্বাৰ্থত বিদেশ ভ্ৰমণ, বিদেশত বিবাহ আৰু অপ্ৰয়োজনীয় সোণ ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ দেশবাসীক তিনিটা বিশেষ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *