৪২টা ৱাৰ্ডত ভোটগ্ৰহণ, ৩১৬টা কেন্দ্ৰত ভোটদান কৰিব ২.৭ লাখ ভোটাৰে

আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচন সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক সোমবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।

বৈঠকত সভাপতিত্ব কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ৰঞ্জন শৰ্মাই।

বৈঠকত আসন সংৰক্ষণ, প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয়ৰ সীমা, ডিজিটেল নিৰ্বাচন ব্যৱস্থাপনা, আদৰ্শ আচৰণ বিধি আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

ৰাজ্যিক নিৰ্বাচন আয়ুক্ত শৰ্মাই আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচন সুচাৰুভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহযোগিতা বিচাৰে।

বৈঠকত ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব গীতাৰ্থ বৰুৱা আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে ৪২টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’বলগীয়া আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচনত ২,৭০,৭৭২ জন পঞ্জীয়নভুক্ত ভোটাৰে ৩১৬টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ১.২৯ লাখ পুৰুষ ভোটাৰ আৰু ১.৪০ লাখ মহিলা ভোটাৰ। ৪২টা ৱাৰ্ডৰ ভিতৰত সাতটা আসন অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থাকিব, ইয়াৰে ৩টা আসন মহিলাৰ বাবে সংৰক্ষিত।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *