স্পেইনক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে বিশ্ব চেম্পিয়ন জাৰ্মানী

এক উত্তেজনাপূৰ্ণ চূড়ান্ত মেচত স্পেইনক ১-০ গ’লৰ ন্যূনতম ব্যৱধানত পৰাজিত কৰি জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে বিশ্বকাপ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।সমগ্ৰ মেচখনত দুয়োটা দলেই তীব্ৰ সংগ্ৰাম চলাইছিল যদিও জাৰ্মানীয়ে সুন্দৰ ৰণনীতি আৰু ডিফেন্স ব্যৱস্থাৰে মেচখন নিজৰ হাতলৈ আনে। এই ঐতিহাসিক বিজয়েৰে জাৰ্মানীয়ে বিশ্ব ফুটবলত পুনৰ নিজৰ আধিপত্য প্ৰমাণ কৰিলে। এই খিতাপ জয়ৰ লগে লগে জাৰ্মানী পুৰুষ হাকী বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ সৈতে যৌথভাৱে আটাইতকৈ সফল দল হিচাপে পৰিগণিত হৈছে।

১৯৯৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে আৰু ইতিহাসত তৃতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা স্পেইনৰ খিতাপ জয়ৰ সপোন পুনৰ আধৰুৱা হৈ ৰ’ল। প্ৰথম অৰ্ধ গ’লশূন্য হৈ থকাৰ পিছত ৪৪ সংখ্যক মিনিটত জাৰ্মানীৰ মাইকেল ষ্টৰটফে ‘ৰান অৱ প্লে’ৰ জৰিয়তে মেচৰ বিজয়ী গ’লটো দিয়ে। বেলফিয়াছ হাকী এৰেনাত ৮,০০০ দৰ্শকৰ সমুখত দুয়োটা দলেই শক্তিশালী ডিফেন্স প্ৰদৰ্শন কৰে।

তৃতীয় কোৱাৰ্টাৰত স্পেইনে ১০ বাৰ আক্ৰমণ চলাইছিল যদিও সফলতা লাভ কৰাত ব্যৰ্থ হয়। মেচৰ প্ৰথম ১৫ মিনিটত দুয়োটা দলেই এটাকৈ পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল। দ্বিতীয় মিনিটতে জাৰ্মানীৰ বেনেডিক্ট শ্বৱাৰ্জাপৰ শট স্পেনিছ গ’লৰক্ষকে ৰক্ষা কৰে আৰু নৱম মিনিটত স্পেইনৰ বৰজা লোকালৰ প্ৰচেষ্টাও ব্যৰ্থ হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *