নিৰ্দ্ধাৰিত হাৰৰ দৰমহাৰ পৰা বঞ্চিত কেজুৱেল বন শ্রমিকৰ সমস্যা শীঘ্ৰে সমাধানৰ আশ্বাস বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

অসম চৰকাৰৰ বন বিভাগত ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ পূৰ্বে কেজুৱেল বা মাষ্টাৰ ৰোল শ্ৰমিক হিচাপে নিযুক্ত কিন্তু নিৰ্দ্ধাৰিত হাৰৰ দৰমহা লাভৰ পৰা এতিয়াও বঞ্চিত হৈ থকা শ্ৰমিকসকলৰ দৰমহা লাভকে ধৰি তেওঁলোকে ভোগ কৰি অহা সমস্যাসমুহ শীঘ্ৰেই সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰিছে অসম চৰকাৰৰ বন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ২৩ আগষ্টত বছৰ বছৰ ধৰি নিৰ্ধাৰিত হাৰত দৰমহা লাভৰ পৰা বঞ্চিত বন বিভাগৰ কেজুৱেল বন শ্ৰমিকৰ এটা সঁজাতি দলে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দিছপুৰত থকা চৰকাৰী বাসভৱনত কৰা সাক্ষাৎ কালত সঁজাতি দলটোৱে তেওঁলোকৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি এই আশ্বাস প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সঁজাতি দলটোক কয় যে মই বিভাগত নতুনকৈ আহিছো। মই বিভাগলৈ অহাৰ কিছুদিন পাছতেই আপোনালোকৰ সমস্যা সন্দৰ্ভত অৱগত হৈছো। মোক আপোনালোকে অলপ সময় দিয়ক আৰু তাৰ পাছত নিৰ্ধাৰিত হাৰত দৰমহা লাভ  কৰাকে ধৰি বাকী সমস্যা কেইটা সমাধান কৰিম।

ইফালে সোহাৰ্দ্যপূৰ্ণ পৰিবেশত কৰা সাক্ষাৎ কালত সঁজাতি দলটোৱে মন্ত্ৰী গৰাকীক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে গছপুলি ৰোপণ, বন্য জীৱজন্তুৰ সুৰক্ষাকে ধৰি বন বিভাগৰ গ্ৰাউণ্ডত চলি থকা সমস্যা সন্দৰ্ভত বাৰ্তালাপ কৰে । সঁজাতি দলটোত জ্যোতিষ দলৈ, প্ৰমোদ ৰংপী, শোভামণি দাস, মণিকা দাস,  চাহজাহান আলী, মিনহাজউদ্দিন আহমেদ , উদয় ৰাভা, মন্টু দাসকে ধৰি প্ৰায় ১৫ জনমান বঞ্চিত কেজুৱেল বন শ্ৰমিক উপস্থিত আছিল । উল্লেখ্য যে মন্ত্ৰী গৰাকীক প্ৰদান কৰা স্মাৰক পত্ৰত সঁজাতি দলটোৱে বিভাগৰ অধীনত বিভিন্ন শাখাত বেতন বঞ্চিত কৰ্মৰত বন শ্ৰমিকসকলে এটি স্থায়ী চাকৰি পোৱাৰ আশাত বিনাবেতনে তথা অতি নিম্ন পাৰিশ্ৰমিকৰ বিনিময়ত বন বিভাগ তথা অসম চৰকাৰৰ সেৱা আগবঢ়াই আহিছে।

তাৰোপৰি মন্ত্ৰী গৰাকীক প্রধান মুখ্য বন সংৰক্ষক মহোদয়ৰ নিৰ্দেশ মর্মে ডঃ সত্যেন্দ্রনাথ সিঙৰ নেতৃত্বত এখন উচ্চস্তৰীয় কমিটি গঠন কৰি অসমৰ বিভিন্ন বন সংমণ্ডল প্ৰাধিকাৰী  সকলৰ পৰা শ্ৰমিকসকলৰ তালিকা বিচাৰে। এই তালিকাখন এই তালিকাখন যোৱা ২০২৫ বৰ্ষৰ ছেপ্তেম্বৰ  মাহত প্রধান মুখ্য বন সংৰক্ষক  কাৰ্যালয়ৰ পৰা বন বিভাগৰ বিশেষ মুখ্য সচিবলৈ প্ৰেৰণ কৰা হয়। সেই তালিকাত বন বিভাগৰ কিছু বিষয়াৰ হেমাহীৰ বাবে কিছু সংখ্যক কেজুৱেল বন শ্ৰমিকৰ নাম ভেৰিফিকেছনৰ পৰা বাদ পৰি গৈছিল। আমি বাদ পৰি যোৱা নামকেইটা অন্তৰ্ভুক্তি কৰাৰ বাবেও দাবী জনাইছো। সম্প্ৰতি  তালিকাখন  বিত্ত বিভাগত পৰি থকাত বেতন বঞ্চিত শ্ৰমিকসকল পুনৰ হতাশ হৈ পৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *