অসম চৰকাৰে বহু বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত আইন বলবৎ কৰাৰ পাছতো এই আইনক ভ্ৰুক্ষেপ কৰা নাই একাংশ লোকে । আনকি দুই এঠাইত কোনো কোনোৱে এজনী , দুজনী নহয় তিনীজনীলৈকেও বিয়া কৰোৱা বুলি অভিযোগ উত্থাপিত হৈছে। এইবাৰ এনে এটা অভিযোগ উত্থাপিত হৈছে লখিমপুৰ জিলাৰ বঙালমাৰা থানাৰ অন্তৰ্গত ফটিপুৰ লাওগাওঁবস্তিৰ পেছাত ব্যৱসায়ী হাবিজুল ইছলাম নামৰ এজন লোকৰ বিৰুদ্ধে প্ৰথম আৰু দ্বিতীয় পত্নী থকাৰ পাছতো তৃতীয়বাৰৰ বাবে পুনৰ বিবাহ পাশত আৱদ্ধ হোৱা বুলি অভিযোগ কৰিছে দ্বিতীয় পত্নী ফাৰহা বেগমে । ইতিমধ্যে দ্বিতীয় পত্নী ফাৰহা বেগমে ন্যায় বিচাৰি অসম ৰাজ্যিক মহিলা আয়োগত হাবিজুল ইছলামৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে। এই সন্দৰ্ভত ভুক্তভোগী ফাৰহা বেগমে জানিবলৈ দিয়া মতে হাবিজুল ইছলাম বিবাহিত লোক বুলি তেওঁ প্ৰথমতে গম পোৱা নাছিল। ২০২২ চনত তেওঁ হাবিজুল ইছলামৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তাৰ এবছৰ পাছত জানিব পাৰিছিল যে হাবিজুল ইছলাম বিবাহিত লোক আৰু মাতৃৰ ঘৰত থকা প্ৰথমা পত্নী থকাৰ চাৰিটা সন্তানো আছে। এই কথা জনাৰ পাছত হাবিজুল ইছলামে তেওঁক শাৰীৰিক আৰু মানসিকভাবে নিৰ্যাতন চলোৱাৰ লগতে বহুত মাৰপিট কৰিছিল। অৱশেষত ২০২৩ চনত তেওঁ হাবিজুল ইছলামৰ পৰা আঁতৰি আহিছিল। তাৰ পাছত হাবিজুল ইছলামে প্ৰথমা পত্নীক নিজৰ ঘৰলৈ লৈ আহে। প্ৰথমা পত্নীৰ সৈতে বিবাহ পাশত বিচ্ছেদ নোহোৱাকৈ মোক বিয়া কৰাইছিল আৰু প্ৰথমৰ লগতে দ্বিতীয় পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নোহোৱাকৈ এতিয়া কিছুদিন পূৰ্বে হাবিজুল ইছলামে পুনৰ তৃতীয়বাৰৰ বাবে আন এগৰাকীক বিয়া কৰাইছে।
যিহেতু অসম চৰকাৰে ইউ চি চি আইন আনিছে। গতিকে এই আইনৰ অধীনত বহু বিবাহ কৰোৱা হাবিজুল ইছলামৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই হাবিজুল ইছলামৰ বিৰুদ্ধে স্থানীয় বঙালমাৰা আৰক্ষী থানাত কেবাবাৰো এজাহাৰ দাখিল কৰিছো । কিন্তু আৰক্ষীয়ে আজিকোপতি হাবিজুলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। কাৰ আশীৰ্বাদত এইটো ধুৰন্ধৰ হাবিজুল ইছলামে সাহস পাইছে ইমানখিনি কৰিবলৈ তাক লৈ আমি চিন্তিত হৈ পৰিছো। আনকি হাবিজুল ইছলাম বিভিন্ন অনৈতিক আৰু বিভিন্ন দুই নম্বৰী কাম-কাজৰ লগতো জড়িত হৈ আছে। কিন্তু আজিলৈকে হাবিজুলৰ বিৰুদ্ধে কাষতে থকা বঙালমৰা আৰক্ষী থানাইও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগল। তাৰ কোনো কোনোৱে কৰা অভিযোগ অনুসৰি নকল সোণ আৰু জালনোটৰ সৈতেও জড়িত হৈ আছে হাবিজুল ইছলাম। চকু মুদা কুলিৰ ভাৱত থকা আৰক্ষীয়ে কিয় হাবিজুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
আমাৰ সন্দেহ হৈছে আৰক্ষী বিভাগৰ কোনো কোনো লোক হয়তো হাবিজুল ইছলামৰ লগত জড়িত হৈ থাকিব পাৰে। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বহু বিবাহৰ লগত জড়িত থকা লোকক অভিযোগ পোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী বিভাগক কঠোৰ নিৰ্দেশ দিছে সেই সময়ত হাবিজুল ইছলামে বিবাহ বিচ্ছেদ নোহোৱাকৈ বাৰে বাৰে বিবাহ পাশত আৱদ্ধ হবলৈ কৰ পৰা দুঃসাহস পাইছে বুলিও আক্ষেপ প্ৰকাশ কৰি ফাৰহা বেগমে কয় যে আমি এতিয়া অসম ৰাজ্যিক মহিলা আয়োগৰ ওপৰত বিশ্বাস ৰাখিছোঁ। আয়োগে অন্ততঃ হাবিজুল ইছলামৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰি আমাক ন্যায় প্ৰদান কৰিব। মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ আৰু আৰক্ষী বিভাগেও যাতে বিষয়টোত গুৰুত্ব দি হাবিজুল ইছলামক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি নকল সোণ , জালনোটৰ বেহাকে ধৰি তেওঁৰ বিৰুদ্ধে থকা বিভিন্ন অসামাজিক কাম কাজৰ অভিযোগ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰে তাৰ বাবেও অনুৰোধ জনালো।
