ভাৰতীয় বায়ুসেনাৰ ‘টপ গান’ প্ৰশিক্ষণত প্ৰথম মহিলা; ইতিহাস গঢ়িলে স্কোৱাড্ৰন লীডাৰ ভাবনা কান্তে

আকাশত দেশৰ সুৰক্ষাৰ দায়িত্ব বহন কৰা মহিলা যুঁজাৰু পাইলটৰ তালিকাত পুনৰ সংযোজিত হ’ল এক ঐতিহাসিক অধ্যায়। ভাৰতীয় বায়ুসেনাৰ অভিজাত ‘টপ গান’ বিদ্যালয়ৰ কঠিন প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস গঢ়িলে স্কোৱাড্ৰন লীডাৰ ভাবনা কান্তে।

গোৱালিয়ৰত অৱস্থিত টেকটিকছ এণ্ড এয়াৰ কমবেট ডেভেলপমেণ্ট ইষ্টাব্লিছমেণ্টত ২০ সপ্তাহজোৰা ফাইটাৰ কমবেট লীডাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে ভাবনা কান্তে। ভাৰতীয় বায়ুসেনাৰ আটাইতকৈ উন্নত যুঁজাৰু বিমান প্ৰশিক্ষণসমূহৰ অন্যতম এই পাঠ্যক্ৰমলৈ প্ৰতি ১০০জন পাইলটৰ ভিতৰত প্ৰায় এজনকহে নিৰ্বাচন কৰা হয়। এই প্ৰতিষ্ঠানৰ পৰা এতিয়ালৈ কোনো মহিলাই এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰা নাছিল।

বিহাৰৰ এখন সৰু চহৰত ডাঙৰ-দীঘল হোৱা সময়ৰ পৰাই বিমান চলোৱাৰ সপোন দেখা ভাবনা কান্তে ২০১৬ চনত অৱনী চতুৰ্বেদী আৰু মোহনা সিঙৰ সৈতে ভাৰতৰ প্ৰথম তিনিগৰাকী মহিলা যুঁজাৰু পাইলটৰ অন্যতম হিচাপে বায়ুসেনাত যোগদান কৰে। ২০১৯ চনত মিগ-২১ বাইছন বিমানৰ জৰিয়তে দিনৰ যুদ্ধ অভিযান চলাবলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলটৰ কৃতিত্বও লাভ কৰিছিল কান্তে।

ইয়াৰ পিছত ২০২১ চনত গণৰাজ্য দিৱসৰ পেৰেড আৰু বিমান উৰণত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট হিচাপে নতুন অভিলেখ গঢ়ে ভাবনা কান্তে। বৰ্তমান সুখোই-৩০এমকেআই যুঁজাৰু বিমান উৰুৱাই থকা কান্তে ইয়াৰ পূৰ্বে মিগ-২১ বিমান চলাইছিল।

নতুন কৃতিত্বৰ জৰিয়তে দীঘলীয়া দূৰত্বৰ নিখুঁত আক্ৰমণ, উন্নত আকাশী যুদ্ধ কৌশল আৰু আধুনিক যুদ্ধ বিমান পৰিচালনাৰ বিশেষ প্ৰশিক্ষণ আয়ত্ত কৰিছে স্কোৱাড্ৰন লীডাৰ ভাবনা কান্তে। ভাৰতীয় বায়ুসেনাৰ মহিলা যুঁজাৰু পাইলটৰ যাত্ৰাত এই কৃতিত্বই নতুন মাইলৰ খুঁটি স্থাপন কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *