বানগ্ৰস্ত শিৱসাগৰত উপস্থিত হাগ্ৰামা মহিলাৰী; ১০৪ জনীয়া দলে বিতৰণ কৰিলে সাহায্য সামগ্ৰী

দীৰ্ঘদিন ধৰি বানৰ কবলত থকা শিৱসাগৰৰ বানাক্ৰান্ত লোকসকলৰ কাষত থিয় দিবলৈ এইবাৰ উজনি অসমলৈ আহিল বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী। বৃহস্পতিবাৰে ১০৪ জনীয়া সাহায্যকাৰী দলৰ সৈতে শিৱসাগৰত উপস্থিত হৈ বানপীড়িত পৰিয়ালসমূহৰ মাজত বিচনাৰ চাদৰ, আঠুৱা, স্বাস্থ্য-সুৰক্ষা সামগ্ৰীকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে মহিলাৰীয়ে।

এই সাহায্য অভিযানত বিটিচিৰ প্ৰধানগৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক অৰুপ কুমাৰ দে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰতিনিধি দলটোক আদৰণি জনোৱাৰ লগতে বানাক্ৰান্ত অঞ্চলসমূহলৈ সংগ দিয়ে।

জানিব পৰা মতে, কোকৰাঝাৰৰ পৰা অহা বিটিচিৰ দলটোৱে হাজাৰ হাজাৰ বিচনাৰ চাদৰ, আঠুৱা, স্বাস্থ্য-সুৰক্ষা সামগ্ৰী আৰু আন অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী কঢ়িয়াই আনে। দীৰ্ঘদিন ধৰি বানৰ পানীত আৱদ্ধ হৈ স্বাভাৱিক জীৱন ব্যাহত হোৱা অঞ্চলসমূহত এই সামগ্ৰী বিতৰণ কৰা হয়।

এই সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি অখিল গগৈয়ে কয়, “হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ সমগ্ৰ দলটোৰ প্ৰতি আমি আন্তৰিকভাৱে কৃতজ্ঞ। বানপীড়িত লোকসকলৰ বাবে তেওঁলোকে বিচনাৰ চাদৰ, আঠুৱা, স্বাস্থ্য-সুৰক্ষা সামগ্ৰী আৰু আন বহু প্ৰয়োজনীয় সামগ্ৰী লৈ আহিছে। শিৱসাগৰ চহৰ এতিয়াও সম্পূৰ্ণৰূপে বানৰ পানীত ডুবি থকাত এই সাহায্য ক্ষতিগ্ৰস্ত লোকসকলৰ বিশেষ উপকাৰত আহিব।”

কেৱল সাহায্য সামগ্ৰী পঠিয়াই দায়িত্ব সামৰি নথৈ বানাক্ৰান্ত অঞ্চলসমূহ স্বচক্ষে পৰিদৰ্শন কৰিবলৈ অহাকো আদৰণি জনায় অখিল গগৈয়ে। চলি থকা এই দুৰ্যোগৰ সময়ত বিটিচিৰ দলটোৰ এই পদক্ষেপ বানপীড়িত লোকসকলৰ প্ৰতি সংহতিৰ এক উল্লেখযোগ্য নিদৰ্শন বুলিও মন্তব্য কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *