বৰ্তমান সময়ত ৰাজনীতি নহয়

বৰ্তমান সময়ত ৰাজনীতি নহয়, মানৱতাৰ সেৱাহে সকলোৰে মূল লক্ষ্য হোৱা উচিত । মানুহ বিপদত আছে । এতিয়া কেৱল উদ্ধাৰ আৰু সহায়ৰ কথা ভাবিব লাগে । এনে সময়তো যদি কোনোবাই হিন্দু-মুছলিমৰ কথা কয়, তেনে মানুহ লাজত ডুবি মৰা উচিত ।” বান পৰিস্থিতিৰ সন্দৰ্ভত ধুবুৰীত বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে ৷আজমলে আৰু কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ মানুহেও বানপীড়িতসকলৰ সহায়ৰ বাবে উদাৰভাৱে আগবাঢ়ি আহিছে । বদৰপুৰত ১০ লাখ টকাৰ এখন এম্বুলেঞ্চ আৰু নগদ ৫ লাখ টকা সংগ্ৰহ হোৱাৰ কথা উল্লেখ কৰি ধুবুৰীতো উল্লেখযোগ্য সঁহাৰি লাভ কৰা বুলি তেওঁ মন্তব্য কৰে । অহা ৭ ৰ পৰা ১০ দিনৰ ভিতৰত পুনৰ ধুবুৰীলৈ আহি ঘৰে-ঘৰে গৈ তেওঁ বানপীড়িতৰ বাবে সাহায্য সংগ্ৰহৰ অভিযান চলাব বুলি জানিবলৈ দিয়ে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *