জীৱনত কেতিয়াও উৰাজাহাজত উঠাৰ সুযোগ নোপোৱা দৰিদ্ৰ পৰিয়ালৰ এদল শিক্ষাৰ্থীৰ সপোন পূৰণৰ দায়িত্ব নিজেই ল’লে এজন জনপ্ৰিয় ইউটিউবাৰে। প্ৰথমবাৰৰ বাবে উৰাজাহাজ ভ্ৰমণৰ অভিজ্ঞতা দিবলৈ সমগ্ৰ বিমানখনেই বুক কৰি দিলে কণ্টেণ্ট ক্ৰিয়েটৰ সৌৰভ যোশীয়ে। তেওঁৰ এই ব্যতিক্ৰমী পদক্ষেপে এতিয়া লাখ লাখ নেটিজেনৰ হৃদয় স্পৰ্শ কৰিছে।
জানিব পৰা মতে, সৌৰভ যোশী আৰু তেওঁৰ পত্নী অৱন্তিকাই সম্পূৰ্ণ দিনটোৰ অভিজ্ঞতা ইউটিউব ভ্লগত ভাগ-বতৰা কৰে। শিক্ষাৰ্থীসকলক প্ৰথমে বাছেৰে হালদ্বানীৰ পান্তনগৰ বিমানবন্দৰলৈ লৈ যোৱা হয়। তাৰ পিছত তেওঁলোকৰ বাবে সমগ্ৰ ইণ্ডিগ’ বিমানখন বুক কৰা বুলি সদৰি কৰে সৌৰভ যোশীয়ে।
বিমানবন্দৰত ব’ৰ্ডিং পাছ লাভ কৰাৰ পিছত উচ্ছ্বসিত হৈ পৰে শিক্ষাৰ্থীসকল। উৰাজাহাজত উঠাৰ সময়ত বহুতে জীৱনত প্ৰথমবাৰৰ বাবে বিমানত বহাৰ অনুভূতি লাভ কৰি আবেগিক হৈ পৰে।
অৱন্তিকাই জনোৱা মতে, যাত্ৰাৰ আৰম্ভণিতে মন্দিৰত পূজা-অৰ্চনা কৰি আশীৰ্বাদ লোৱাৰ পিছত বিমানবন্দৰলৈ ৰাওনা হৈছিল দলটো। উৰাজাহাজ উৰা মাৰোঁতে বহু শিক্ষাৰ্থী ভয় খাইছিল। অৱতৰণৰ সময়তো কেইবাজনো উদ্বিগ্ন হৈ পৰাত গোটেই যাত্ৰাত সৌৰভ আৰু অৱন্তিকাই তেওঁলোকৰ সৈতে কথা পাতি সাহস যোগাই থাকে।
নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত শিক্ষাৰ্থীসকলক বাছেৰে এখন ৰেষ্টুৰেণ্টলৈ নিয়াৰ ব্যৱস্থা কৰে। তাত একেলগে আহাৰ গ্ৰহণ কৰাৰ লগতে গেমিং আৰ্কেডত খেল-ধেমালি আৰু পিজ্জা খাই দিনটো উপভোগ কৰে সকলোৱে।
দিনটোৰ কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পিছত বাছেৰে পুনৰ হালদ্বানীলৈ উভতি যায় দলটো। প্ৰতিগৰাকী শিক্ষাৰ্থীক নিজ নিজ ঘৰলৈ সুৰক্ষিতভাৱে ওভতাই পঠোৱাৰ পিছতহে পুৱা প্ৰায় ৪ বজাত নিজৰ ঘৰলৈ উভতি যায় সৌৰভ যোশী আৰু অৱন্তিকা।
সামাজিক মাধ্যমত এই পদক্ষেপৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগে লগে প্ৰশংসাৰে উপচি পৰে মন্তব্যৰ শিতান। বহুতে দৰিদ্ৰ শিক্ষাৰ্থীৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সৌৰভ যোশীৰ এই মানৱীয় পদক্ষেপক ব্যতিক্ৰমী আৰু অনুপ্ৰেৰণাদায়ক বুলি অভিহিত কৰিছে।
