জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। আয়ুক্তগৰাকীয়ে চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সিদ্ধান্ত সদৰি কৰাৰ পিছতে তেওঁৰ সম্ভাৱ্য ৰাজনৈতিক পদাৰ্পণক লৈ ৰাজ্যজুৰি নতুন চর্চাৰ সূচনা হৈছে। বুধবাৰে দায়িত্বৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্তৰে প্ৰশাসনিক জীৱনৰ এক উল্লেখযোগ্য অধ্যায় সামৰে দেৱাশিষ শৰ্মাই।
দেৱাশিষ শৰ্মাই নগাঁও জিলাৰ আয়ুক্ত পদৰ লগতে পূৰ্বে মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপেও দায়িত্ব পালন কৰিছিল। জনমুখী প্ৰশাসন, ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু সাধাৰণ লোকৰ সৈতে প্ৰত্যক্ষ যোগাযোগৰ বাবে কাৰ্যকালজুৰি তেওঁ বিশেষ পৰিচিতি লাভ কৰিছিল।
গাঁও অঞ্চললৈ নিয়মীয়াকৈ গৈ স্থানীয় লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ সমস্যা প্ৰত্যক্ষভাৱে শুনি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰাক অগ্ৰাধিকাৰ দি আহিছে দেৱাশিষ শৰ্মাই। বহু অনুষ্ঠানত গীটাৰ বজাই গীত পৰিৱেশন কৰি স্থানীয় লোকৰ সৈতে আত্মীয়তা গঢ়ি তোলাৰ ব্যতিক্ৰমী শৈলীৰ বাবেও প্ৰশংসা লাভ কৰি আহিছে আয়ুক্তগৰাকীয়ে।
চৰকাৰী দায়িত্বৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্তৰ আঁৰৰ কাৰণ সম্পৰ্কে দেৱাশিষ শৰ্মাই এতিয়াও কোনো আনুষ্ঠানিক ব্যাখ্যা আগবঢ়োৱা নাই। অৱশ্যে তেওঁৰ এই সিদ্ধান্তৰ পিছতে ৰাজনীতিত যোগদানৰ সম্ভাৱনাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা তীব্ৰ হৈছে। যদিও এই সন্দৰ্ভত এতিয়ালৈ কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ পোৱা নাই।
ইফালে, দেৱাশিষ শৰ্মাৰ পদত্যাগৰ পিছত নগাঁও জিলাৰ নতুন আয়ুক্ত হিচাপে কাক দায়িত্ব দিয়া হ’ব, সেই বিষয়েও প্ৰশাসনিক মহলত আগ্ৰহ বৃদ্ধি পাইছে। এই ঘটনাক লৈ ৰাজ্য চৰকাৰৰ পৰৱৰ্তী সিদ্ধান্তৰ প্ৰতিও দৃষ্টি নিবদ্ধ হৈ আছে।
