সুলভ মূল্যৰ ১০ বছৰীয়া জীৱন বীমাৰ আৱৰণেৰে আইচিআইচিআই প্ৰুডেন্সিয়েলে সম্প্ৰসাৰিত কৰিলে সুৰক্ষা প’ৰ্টফ’লিঅ’

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুন্সে আইচিআইচিআই প্ৰু আইপ্ৰটেক্ট স্মাৰ্ট প্লাছ প্লেনৰ অধীনত এটা নতুন ১০ বছৰীয়া জীৱন বীমা সুৰক্ষা বিকল্প মুকলি কৰিছে। গৃহ ঋণ, সন্তানৰ শিক্ষাৰ খৰচ আৰু ব্যৱসায়িক ঋণৰ দৰে হ্ৰস্বম্যাদী বিত্তীয় দায়বদ্ধতাসমূহৰ বিপৰীতে সুলভ মূল্যত সুৰক্ষা বিচৰা গ্ৰাহকসকলক লক্ষ্য কৰি এই বিকল্প মুকলি কৰা হৈছে। বীমা কোম্পানীটোৱে জনোৱা মতে, এই নতুন পলিচীৰ জৰিয়তে গ্ৰাহকসকলে বিত্তীয় দায়িত্বসমূহ সৰ্বাধিক হৈ থকা সময়ছোৱাত কম প্ৰিমিয়ামতে এক উচ্চ পৰিমাণৰ জীৱন বীমা বাছি ল’ব পাৰিব। এই আঁচনিখনত ৬৭,১০০ টকা পৰ্যন্ত মূল্যৰ বিনামূলীয়া স্বাস্থ্য আৰু ৱেলনেছ সেৱা, ৩ লাখ টকাৰ তাৎক্ষণিক দাবী পৰিশোধ আৰু কোনো মাৰাত্মক ৰোগ ধৰা পৰিলে ১০০ শতাংশ ধন পৰিশোধৰ সুবিধা আগবঢ়োৱা হৈছে।

এই নতুন আঁচনিখন মুকলি কৰি আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ বিতৰণ বিভাগৰ মুৰব্বী মণিকন্দন ৰাজামণিৰাই কয় যে, পৰিৱৰ্তিত জীৱনৰ লক্ষ্যসমূহৰ লগে লগে বিত্তীয় সুৰক্ষাক লৈ গ্ৰাহকৰ প্ৰত্যাশিত ধাৰণাও সলনি হৈছে। তেওঁ কয় যে, এই ১০ বছৰীয়া পলিচীৰ ম্যাদে অৰ্থপূৰ্ণ বিত্তীয় নিৰাপত্তা প্ৰদান কৰা বৈশিষ্ট্যসমূহৰ সৈতে সুলভ মূল্যৰ সংমিশ্ৰণ ঘটাই কোম্পানীটোৰ সুৰক্ষা প’ৰ্টফ’লিঅ’ অধিক সম্প্ৰসাৰিত কৰিছে। কোম্পানীটোৰ ক্লেইম ছেটেলমেণ্ট প্ৰদৰ্শনৰ ওপৰত আলোকপাত কৰি ৰাজামণিয়ে কয় যে, আইচিআইচিআই প্ৰুডেন্সিয়েলে ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত উদ্যোগটোৰ ভিতৰতে শীৰ্ষস্থানত থকা ৯৯.৩ শতাংশ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ’ আৰু গড়ে মাত্ৰ এদিনৰ ভিতৰত দাবী নিষ্পত্তি কৰাৰ অভিলেখ গঢ়িছে।

২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত কোম্পানীটোৱে ১,৩০৬ কোটি টকাৰ মৃত্যুৰ দাবী নিষ্পত্তি কৰিছে আৰু মেচ্যৰিটী তথা চাৰ্ভাইভেল বেনিফিট হিচাপে ৩,৩৬০ কোটি টকা পৰিশোধ কৰিছে। আনহাতে, ২০২৬ বিত্তীয় বৰ্ষত ই ৫,১৪৯ কোটি টকাৰ মৃত্যুৰ ক্লেইম নিষ্পত্তি কৰাৰ বিপৰীতে মেচ্যৰিটী আৰু চাৰ্ভাইভেল বেনিফিট হিচাপে ১৫,৩৬৩ কোটি টকা বিতৰণ কৰিছিল, যিয়ে পলিচী ধাৰকসকলক সঠিক সময়ত বিত্তীয় সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত কোম্পানীটোৰ নিৰন্তৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *