বানপীড়িতৰ কাষত দীপলিনা ডেকা

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ‘দীপলিনা ডেকা ফাউণ্ডেশ্বন’ৰ তৰফৰ পৰা এক বিশেষ যোগাত্মক পদক্ষেপ গ্ৰহণ কৰা হৈছে । চলিত বানপানীৰ ফলত সৰ্বস্ব হেৰুওৱা ১০০ টা দুৰ্ভগীয়া পৰিয়ালৰ বাবে ফাউণ্ডেশ্বনে ১০০ টা নতুন ঘৰ নিৰ্মাণ কৰি দিবলৈ সিদ্ধান্ত লৈছে ।এই বৃহৎ আৰু মহান কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰিবলৈ ফাউণ্ডেশ্বনে জনসাধাৰণৰ সহায়-সহযোগিতা আৰু দান-বৰঙণি বিচাৰিছে । আপোনাৰ এক ক্ষুদ্ৰ সহায়েও বিপদে গৰকা এটা পৰিয়ালক নতুন জীৱন দিব পাৰে ।পানী কমিছে যদিও বানপীড়িত লোকসকল এতিয়া অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ সংকটত ভুগিছে । বানাক্ৰান্ত লোকসকলক সহায় কৰিবলৈ দল-সংগঠন, সাংবাদিক, সমাজকৰ্মী আৰু অসমৰ লগতে বহিঃৰাজ্যৰ বহু লোক আগবাঢ়ি আহিছে । জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকায়ো বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি ৰাইজৰ দুখ-কষ্টৰ বুজ লৈছে । সামাজিক মাধ্যমৰ জৰিয়তে শিল্পীগৰাকীয়ে জনাইছে যে, ‘দীপলিনা ডেকা ফাউণ্ডেশ্বন’ৰ উদ্যোগত ১০০ টা বানপীড়িত পৰিয়ালক নতুনকৈ ঘৰ সাজি দিয়া হ’ব ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *