মাজুলী, বৰদোৱা, বৰপেটা, পোৱামক্কাত আজিৰে পৰা কোনোৱে ক্ৰয় কৰিব নোৱাৰিব ভূমি: ড০ হিমন্ত বিশ্ব শৰ্মা

আজিৰে পৰা মাজুলী, বৰদোৱা, বৰপেটা, পোৱামক্কাৰ দৰে পৱিত্ৰ তীৰ্থস্থান সমূহৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত হিন্দু-মুছলামন যি ধৰ্মাৱলম্বী লোকেই নহওঁক কিয় কোনোৱে মাটি ক্ৰয় কৰিব নোৱাৰিব। কেৱল তাত তিনিটা প্ৰজন্ম থকা লোকসকলেহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। ৰাজ্যৰ পৱিত্ৰ তীৰ্থস্থানসমূহ সুৰক্ষিত ৰখাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে বুলি আজি সদনৰ মজিয়াত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ আৰু কয় যে এই তীৰ্থস্থানসমূহৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত হিন্দু-মুছলামন যি ধৰ্মাৱলম্বীয়ে নাথাকক কিয় যিয়ে মাটিৰ পট্টাৰে বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ কৰা নহ’ব। কেৱল আজিৰে পৰা নতুনকৈ কোনোৱেও সেই স্থানসমূহত ভূমি ক্ৰয় কৰিব নোৱাৰিব। তেওঁ আজি সদনৰ মজিয়াত কয় যে ইতিমধ্যে মাজুলী, বৰদোৱা, বৰপেটাত ভূমি কিনা-বেচা আইনখন সৰ্বসন্মিক্ৰমে গৃহত হৈছিল। আজি ইয়াক লৈ কোনো বিতৰ্ক কৰিব লগা নাই। কেৱল তাত এটা সংশোধন আন হৈছে।

সেই সংশোধন অনুসৰি মাজুলীত পাঁচ কিলোমিটাৰৰ ভিতৰত থকা অনুসূচিত জাতি- জনজাতি লোকসকলক যাতে কোনোৱেও উচ্ছেদ কৰিব নোৱাৰে। এতিয়া মাজুলীৰ ৫ কিলোমিটাৰৰ ভিতৰত বসবাস কৰি থকা অনুসূচিত জাতি- জনজাতি লোকসকলৰ যাৰ ভূমি পট্টা নাছিল, সেই সকলক পট্টা দিয়া হ’ব। যাতে এই আইনখনে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *