প্ৰবল বৰষুণে সৃষ্টি কৰা ভূমিস্খলনৰ বিভীষিকাত এইবাৰ কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল দুজনকৈ কিশোৰ ভাতৃয়ে!বুধবাৰে নাগালেণ্ডৰ মোককচাং চহৰৰ আপাৰ পেনলি ৱাৰ্ডত সংঘটিত এই শোকাৱহ ঘটনাত মৃত্যু হয় একেটা পৰিয়ালৰ দুজন ছাত্ৰৰ। ঘটনাটোত আহত হয় তেওঁলোকৰ মাতৃও।
মৃত্যু হোৱা দুয়োজন হৈছে আলিছপুৰ গাঁৱৰ মেৰেনবা ছাংটামৰ পুত্ৰ মুৱালং ছাংটাম (১৯) আৰু থ্ৰিডিবা ছাংটাম (১৬)। মুৱালং দ্বাদশ শ্ৰেণী আৰু থ্ৰিডিবা একাদশ শ্ৰেণীত মককচুংস্থিত কুইন মেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আছিল।
পূব নাগালেণ্ড জনজাতীয় সন্থা, মককচুং শাখাই জানিবলৈ দিয়া মতে, আপাৰ পেনলি ৱাৰ্ডত থকা ভাড়াঘৰৰ ওপৰত হঠাতে ভূমিস্খলন হোৱাত ঘৰটো মাটিৰ তলত পোত খায় যায়। সেই ঘটনাত দুয়োজন ভাতৃৰ মৃত্যু হয়। আহত মাতৃ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।
সংস্থাটোৱে উল্লেখ কৰা মতে, সংগঠনৰ প্ৰাৰ্থনা সভা সম্পন্ন হোৱাৰ পিছত দুয়োজন কিশোৰৰ মৃতদেহ নিজ গাঁও আলিছপুৰলৈ নিয়া হ’ব। লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ উপৰি আহত মাতৃৰ আশু আৰোগ্য কামনা কৰা হৈছে।
উল্লেখযোগ্য যে, চলিত বৰ্ষাকালত নাগালেণ্ডৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা প্ৰবল বৰষুণৰ ফলত একাধিক ভূমিস্খলন আৰু আকস্মিক বানৰ ঘটনা সংঘটিত হৈছে। এই দুৰ্যোগত ইতিমধ্যে বহু লোকৰ মৃত্যু হোৱাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে ঘৰ-বাৰী, পথ-দলং আৰু অন্যান্য আন্তঃগাঁথনি।
জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে, বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত ভূমিস্খলনপ্ৰৱণ অঞ্চলত বসবাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। একে সময়তে দুৰ্যোগ ব্যৱস্থাপনা বাহিনী আৰু প্ৰশাসনে বিপদসংকুল এলেকাসমূহত নিৰীক্ষণ অব্যাহত ৰাখিছে।
