ৰাজা ৰঘুবংশী হত্যা গোচৰ! সোণম ৰঘুবংশীক আত্মসমৰ্পণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

ৰাজা ৰঘুবংশী হত্যা গোচৰত জামিন লাভ কৰাৰ পিছতো আইনী সংকট আঁতৰা নাই সোণম ৰঘুবংশীৰ। মেঘালয় চৰকাৰে জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পিছতে এইবাৰ সোণমক সাময়িকভাৱে আত্মসমৰ্পণ কৰাৰ পৰামৰ্শ দিয়ে শীৰ্ষ আদালতে। একে সময়তে আদালতে স্পষ্ট কৰি দিয়ে যে আত্মসমৰ্পণ নকৰিলে জামিনৰ বৈধতা যোগ্যতাৰ ভিত্তিত বিবেচনা কৰি আদেশ দিয়া হ’ব।

মঙলবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলীৰ বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায়।

শুনানিৰ সময়ত বিচাৰপীঠে সোণমৰ অধিবক্তাক উদ্দেশ্যি কয় যে আত্মসমৰ্পণ কৰিবলৈ ইচ্ছুক নেকি সেই বিষয়ে অভিযুক্তৰ পৰা নিৰ্দেশ লৈ আদালতক অৱগত কৰিব লাগে। আদালতৰ মতে, সোণমে সাময়িকভাৱে আত্মসমৰ্পণ কৰিলে নিম্ন আদালতে প্ৰথমে গুৰুত্বপূৰ্ণ ৰাজহুৱা সাক্ষীসকলৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। তাৰ পিছত পুনৰ জামিনৰ বিষয়টো বিবেচনা কৰিব পাৰি।

বিচাৰপীঠে লগতে মন্তব্য কৰে যে এই প্ৰস্তাৱ গ্ৰহণ নকৰিলে আদালতে জামিনৰ বিষয়টো যোগ্যতাৰ ভিত্তিত শুনানি চলাই সিদ্ধান্ত গ্ৰহণ কৰিব।

শুনানিৰ সময়ত গ্ৰেপ্তাৰৰ কাৰণ অভিযুক্তক সঠিকভাৱে জনোৱা হোৱা নাছিল বুলি উত্থাপন কৰা যুক্তিক লৈও প্ৰশ্ন তোলে বিচাৰপীঠে। গ্ৰেপ্তাৰৰ আৰম্ভণিৰ পৰ্যায়ত এই বিষয়টো কিয় উত্থাপন কৰা নহ’ল বুলি আদালতে প্ৰশ্ন কৰে। লগতে গ্ৰেপ্তাৰ নথিত ধাৰাৰ নম্বৰ ভুলকৈ উল্লেখ হোৱাটোৱেই জামিন দিয়াৰ পৰ্যাপ্ত ভিত্তি হ’ব পাৰে নেকি বুলিও সন্দেহ প্ৰকাশ কৰে।

মেঘালয় চৰকাৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক জানায় যে সোণমে গ্ৰেপ্তাৰৰ কাৰণ সম্পূৰ্ণৰূপে জানিছিল। গ্ৰেপ্তাৰ স্মাৰকত ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰাৰ পৰিৱৰ্তে ৪০৩ ধাৰা উল্লেখ হোৱাটো কেৱল মুদ্ৰণজনিত ভুল। তেওঁ কয়, ”সোণমে গ্ৰেপ্তাৰ নথিত স্বাক্ষৰ কৰিছিল, তেওঁৰ পৰিয়ালকো গ্ৰেপ্তাৰৰ বিষয়ে অৱগত কৰা হৈছিল আৰু নিম্ন আদালত বা পূৰ্বৰ জামিন আবেদনৰ সময়তো এই আপত্তি উত্থাপন কৰা হোৱা নাছিল।’’

আনহাতে, সোণমৰ অধিবক্তাই যুক্তি দাঙি ধৰে যে, গোচৰটো সম্পূৰ্ণ পৰিস্থিতিজনিত প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল। লগতে এই ঘটনাক কেন্দ্ৰ কৰি অত্যাধিক সংবাদ মাধ্যমৰ প্ৰচাৰ চলোৱা হৈছে বুলিও তেওঁ আদালতক অৱগত কৰে।

ইয়াৰ পূৰ্বে মেঘালয় চৰকাৰৰ আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছিল যদিও, সোণম ইতিমধ্যে মুক্তি লাভ কৰাৰ বাবে জামিনৰ আদেশত স্থগিতাদেশ দিয়া নাছিল। অৱশ্যে উচ্চ ন্যায়ালয়ৰ যুক্তিক লৈ প্ৰাথমিকভাৱে সংশয় প্ৰকাশ কৰি গ্ৰেপ্তাৰ স্মাৰক আৰু অভিযুক্তক প্ৰদান কৰা সকলো নথি আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য যে, মেঘালয় উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ জামিন আদেশ বহাল ৰখাৰ পিছতে সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মেঘালয় চৰকাৰ।

নিম্ন আদালতে ৰায়ত উল্লেখ কৰিছিল যে গ্ৰেপ্তাৰ-সংক্ৰান্ত নথিপত্ৰত হত্যাৰ সৈতে জড়িত ১০৩(১) ধাৰাৰ পৰিৱৰ্তে ভুলবশতঃ ৪০৩(১) ধাৰা উল্লেখ কৰা হৈছিল। আদালতৰ মতে, ইয়াৰ ফলত অভিযুক্তক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি আইনসম্মতভাৱে অৱগত কৰা হোৱা নাছিল। চৰকাৰ পক্ষই এই ভুলক কেৱল মুদ্ৰণজনিত ত্ৰুটি বুলি দাবী কৰিলেও নিম্ন আদালতে সেই যুক্তি গ্ৰহণ নকৰি অভিযুক্তৰ অধিকাৰ ক্ষুণ্ণ হোৱা বুলি মত প্ৰকাশ কৰিছিল।

উল্লেখ্য যে, ২০২৫ চনৰ মে’ মাহত বিবাহৰ পিছত মধুচন্দ্ৰিমাৰ বাবে মেঘালয়লৈ যোৱা ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ ষড়যন্ত্ৰত পত্নী সোণম ৰঘুবংশী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে তদন্তকাৰী সংস্থাই। অভিযোগ অনুসৰি, সোণমে তেওঁৰ কথিত প্ৰেমিক আৰু ভাড়াতীয়া আক্ৰমণকাৰীৰ সহায়ত এই হত্যাকাণ্ড সংঘটিত কৰিছিল। গোচৰটোৰ অভিযোগপত্ৰ ইতিমধ্যে দাখিল কৰা হৈছে আৰু বৰ্তমান বিচাৰ প্ৰক্ৰিয়া চলি আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *