কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনস্থ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন(ইপিএফঅ’)ৰ সৈতে ইণ্ডাছইণ্ড বেংক সংযুক্ত হৈছে। ইয়াৰ ফলত নিয়োগকৰ্তা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এতিয়াৰে পৰা বেংকটোৰ ডিজিটেল বেংকিং প্লেটফৰ্ম ব্যৱহাৰ কৰি ইপিএফঅ’ পৰ্টেলৰ জৰিয়তে অতি সহজে ভৱিষ্যনিধি(পিএফ)ৰ বৰঙণি জমা কৰিব পাৰিব। এই সংযোগৰ পিছত এতিয়াৰে পৰা বিভিন্ন সংস্থাসমূহে ইপিএফঅ’ পৰ্টেলত পোনপটীয়াকৈ ইণ্ডাছইণ্ড বেংক বাচনি কৰিব পাৰিব। লগতে বেংকটোৰ কৰ্পৰেট ইণ্টাৰনেট বেংকিং প্লেটফৰ্ম ইণ্ডাছ ডাইৰেক্ট আৰু মজলীয়া তথা ক্ষুদ্ৰ উদ্যোগ(এমএছএমই)ৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা মোবাইল বেংকিং এপ্লিকেচন ইণ্ডি ফৰ বিজনেছৰ জৰিয়তে নিয়মীয়া পি এফ আদায় প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। দেশৰ আটাইতকৈ বেছি ব্যৱহৃত বিধিবদ্ধ কৰ্তব্যৰ এই ধন আদায় প্ৰক্ৰিয়াটোক সৰল কৰাৰ লগতে এটা সুৰক্ষিত আৰু খৰতকীয়া ডিজিটেল পেমেণ্টৰ অভিজ্ঞতা প্ৰদান কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য।
বেংক কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, গ্ৰাহকসকলে এতিয়া ইপিএফঅ’ পৰ্টেলৰ জৰিয়তে পোনপটীয়াকৈ ইপিএফঅ’ৰ বৰঙণি প্ৰেৰণ কৰিব পাৰিব, যাৰ ফলত প্ৰতিষ্ঠানসমূহে অধিক সুবিধাজনকভাৱে নিজৰ আইনী বাধ্যবাধকতাসমূহ পূৰণ কৰিব পাৰিব। এই সংযোগে ইণ্ডাছইণ্ড বেংকৰ ডিজিটেল বেংকিং ব্যৱস্থাটোক অধিক শক্তিশালী কৰিব আৰু ব্যৱসায়, প্ৰতিষ্ঠান তথা উদ্যোগসমূহৰ বাবে এক অন্যতম বেংকিং সহযোগী হিচাপে বেংকটোৰ স্থান সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটী মহানগৰীত এই নতুন সংযোজনে অসমৰ ব্যৱসায়িক প্ৰতিষ্ঠান, এমএছএমই আৰু বাণিজ্য প্ৰধান সংস্থাসমূহক বিশেষভাৱে উপকৃত কৰিব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ দ্বাৰা ভৱিষ্যনিধি সম্পৰ্কীয় নিয়মসমূহ পালন কৰাটো অধিক দ্ৰুত আৰু কাৰ্যক্ষম হৈ পৰিব। গুৱাহাটী যিহেতু উত্তৰ-পূবৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে, সেয়েহে এই ডিজিটেল পেমেণ্ট ব্যৱস্থাই প্ৰতিষ্ঠানসমূহক দৰমহা সম্পৰ্কীয় চৰকাৰী নিয়মীয়া ধন আদায় প্ৰক্ৰিয়া সহজ কৰাত সহায় কৰিব আৰু নিয়োগকৰ্তাসকলৰ মাজত ডিজিটেল বেংক ব্যৱহাৰৰ প্ৰৱণতা বৃদ্ধি কৰিব।
বিগত তিনিটা দশকতকৈও অধিক সময় ধৰি সেৱা আগবঢ়াই অহা ইণ্ডাছইণ্ড বেংকে ২০২৬ চনৰ ৩১ মাৰ্চলৈকে সমগ্ৰ ভাৰতজুৰি ৩,১৩৬টা শাখা আৰু বেংক আউটলেট, ২,৮৭০টা এটিএম আৰু প্ৰায় ১.৬২ লাখ গাঁও সামৰি লোৱা এক নেটৱৰ্কৰ জৰিয়তে প্ৰায় ৪২ মিলিয়ন গ্ৰাহকক সেৱা আগবঢ়াই আহিছে।
