২১ দিন ধৰি চলি থকা অনশনৰ মাজতে সলনি হ’ল আন্দোলনৰ পৰিস্থিতি। সংসদ অভিযানৰ মাত্ৰ দুদিন পূৰ্বে শনিবাৰে পুৱতি নিশা দিল্লীৰ যন্তৰ মন্তৰৰ অনশনস্থলীৰ পৰা পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোণম ৱাংচুকক আৰক্ষীয়ে চফদৰজং চিকিৎসালয়লৈ স্থানান্তৰ কৰে।
পুৱতি নিশা সাধাৰণ পোছাক পৰিধান কৰা আৰক্ষীৰ এটা দলে প্ৰতিবাদস্থলীত উপস্থিত হৈ এই অভিযান চলায়। মঞ্চত উঠাৰ পিছত ঘটনাটো কেমেৰাত ধৰা নপৰাকৈ ৰাখিবলৈ বগা কাপোৰেৰে স্থানখিনি আৱৰি ধৰা হয়। তাৰ পিছতে ৱাংচুকক চিকিৎসালয়লৈ নিয়া হয়। সমগ্ৰ অভিযান কেইমিনিটমানৰ ভিতৰতে সম্পন্ন হয়।
দিল্লী আৰক্ষীয়ে স্পষ্ট কৰে যে, দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। দিল্লী আৰক্ষীৰ ভাষ্য অনুসৰি, সোণম ৱাংচুকৰ স্বাস্থ্যৰ ক্ৰমাগত অৱনতিয়ে চিকিৎসকৰ উদ্বেগ বৃদ্ধি কৰিছে। বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিতেই তেওঁক চফদৰজং চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
চফদৰজং চিকিৎসালয়েও প্ৰকাশ কৰে যে, দীঘলীয়া অনশন আৰু শৰীৰত পানীৰ অভাৱৰ ফলত সোণম ৱাংচুক দুৰ্বল হৈ পৰিছে। বৰ্তমান তেওঁ সুস্থিৰ অৱস্থাত আছে যদিও নিয়মীয়া চিকিৎসা, নিবিড় পৰ্যবেক্ষণ আৰু স্বাস্থ্য নিৰীক্ষণৰ প্ৰয়োজন আছে।
ইফালে, ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমোৱে তেওঁৰ সন্মতি অবিহনে কোনো চিকিৎসা আৰম্ভ নকৰিবলৈ আহ্বান জনায়। গীতাঞ্জলি আংমোৱে কয়, “মোৰ সন্মতি অবিহনে কোনো চিকিৎসা আৰম্ভ কৰিব নালাগে। কিবা অঘটন ঘটিলে তাৰ দায়িত্ব সংশ্লিষ্ট সকলোৰে থাকিব।”
উল্লেখ্য যে, নীট পৰীক্ষাকেন্দ্ৰিক অনিয়মৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, ন্যায়িক তদন্ত আৰু পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ২০ জুনৰ পৰা যন্তৰ মন্তৰত আন্দোলন চলাই আহিছে ‘ককৰোচ জনতা পাৰ্টি’য়ে। সেই আন্দোলনত ২৮ জুনত যোগ দি সোণম ৱাংচুকে অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰিছিল।
অনশনৰ ২০তম দিনত সমৰ্থকসকললৈ প্ৰেৰণ কৰা ভিডিঅ’ বাৰ্তাত ২০ জুলাইৰ সংসদ অভিযানত ব্যাপক অংশগ্ৰহণৰ আহ্বান জনাইছিল তেওঁ। সোণম ৱাংচুকে কয়, “মোক অনশন ভংগ কৰিবলৈ অনুৰোধ নকৰিব। ইয়াৰ পৰিৱৰ্তে ২০ জুলাইৰ শান্তিপূৰ্ণ সংসদ অভিযানত যোগ দিয়ক।”
আনহাতে, ‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই অভিযোগ উত্থাপন কৰে যে, আৰক্ষীয়ে তেওঁকো আটক কৰাৰ লগতে প্ৰতিবাদকাৰীসকলৰ ওপৰত বলপ্ৰয়োগ কৰিছে। ইয়াৰ প্ৰতিবাদ জনাই তেওঁ নিজেও অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰাৰ ঘোষণা কৰে। অভিজিৎ দীপকে কয়, “সোণম ছাৰক আঁতৰাই নিলেই এই আন্দোলন শেষ হ’ব বুলি যদি কোনোবাই ভাবিছে, তেন্তে সেয়া ভুল। আমি ২০ জুলাইত সংসদ অভিযান কাৰ্যসূচী পালন কৰিম।”
অৱশ্যে এই অভিযোগ নাকচ কৰি দিল্লী আৰক্ষীয়ে স্পষ্ট কৰে যে, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰাৰ সময়ত কিছুমান প্ৰতিবাদকাৰীয়ে বাধা দিয়াত সামান্য হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰক্ষীয়ে জনায় যে, সংযম বজাই ৰাখিয়েই সমগ্ৰ অভিযান সম্পন্ন কৰা হৈছে আৰু প্ৰতিবাদকাৰীসকলক শান্তিপূৰ্ণভাৱে স্থান খালী কৰিবলৈও অনুৰোধ জনোৱা হৈছে।
