আকৌ মূল্যবৃদ্ধিৰ মাধমাৰ! চাউল, পিয়াঁজ, মিঠাতেল, চেনিসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি

পুনৰ জনতাৰ ওপৰত পৰিল মূল্যবৃদ্ধিৰ মাধমাৰ। এইবাৰ একে সময়তে বৃদ্ধি পালে চাউল, খোৱা তেল, চেনি আৰু পিয়াঁজকে ধৰি কেইবাটাও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। ৰাজ্যৰ বিভিন্ন বজাৰত নতুন দৰত বিক্ৰী আৰম্ভ হোৱাৰ লগে লগে দৈনন্দিন বজাৰ খৰচো যথেষ্ট বৃদ্ধি পাইছে।

শেহতীয়া বজাৰদৰ অনুসৰি, সোণাশক্তি চাউলৰ এটা বস্তাৰ মূল্য ১,৫৭০ টকাৰ পৰা বৃদ্ধি পাই প্ৰায় ১,৮২০ টকাত উপনীত হৈছে। আৰহাম চাউলৰ দাম ১,২৮০ টকাৰ পৰা ১,৪৩০ টকা আৰু লক্ষ্মীভোগ চাউলৰ দাম ১,২৩৫ টকাৰ পৰা প্ৰায় ১,৩৮০ টকালৈ বৃদ্ধি পাইছে।

মিঠাতেলৰ মূল্যও প্ৰতিলিটাৰত ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি পাইছে। পূৰ্বে ২৩৭ টকাত বিক্ৰী হোৱা ইঞ্জিন ব্ৰেণ্ডৰ তেল বৰ্তমান ২৫৫ টকা আৰু ধাৰা ব্ৰেণ্ডৰ তেল ১৯৫ টকাৰ পৰা বৃদ্ধি পাই প্ৰায় ২২০ টকাত বিক্ৰী হৈছে।

চেনিৰ মূল্য প্ৰতিকিলোগ্ৰামত ৪৮ টকাৰ পৰা ৫২ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে পিয়াঁজৰ দাম ২৫ টকাৰ পৰা দুগুণ বৃদ্ধি পাই ৫০ টকাত উপনীত হৈছে।

বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ এই ধাৰাবাহিক মূল্যবৃদ্ধিৰ ফলত সাধাৰণ উপভোক্তাৰ ওপৰত পুনৰ আৰ্থিক চাপ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে বিভিন্ন মহলে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *