২০২৬ৰ বিশ্বকাপ ফুটবলৰ ছেমিফাইনেলত ইংলেণ্ডক ২-১ গ’লত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ পিছত আৰ্জেণ্টিনাৰ খেলুৱৈসকলে এক বিতৰ্কত সাঙোৰ খাই পৰিছে। খেলখন জিকাৰ পিছত আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ লিছান্দ্ৰ’ মাৰ্টিনেজ আৰু জিওভানি ল’ চেলচ’ই ষ্টেডিয়ামৰ ভিতৰতে এটা ৰাজনৈতিক বেনাৰ প্ৰদৰ্শন কৰে। সেই বেনাৰখনত স্পেনিছ ভাষাত লিখা আছিল— লাছ মালভিনাচ চন আৰ্জেণ্টিনাছ’ (ফাল্কলেণ্ড দ্বীপপুঞ্জ আৰ্জেণ্টিনাৰ)। ফিফাৰ ষ্টেডিয়াম নিয়মাৱলী অনুসৰি, খেলপথাৰ বা ষ্টেডিয়ামৰ ভিতৰত কোনো ধৰণৰ ৰাজনৈতিক, আপত্তিজনক বা বৈষম্যমূলক বেনাৰ, পতাকা বা কাপোৰ প্ৰদৰ্শন কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ। আৰ্জেণ্টিনাৰ খেলুৱৈসকলৰ এই কাৰ্যই ফিফাৰ এই নিয়ম ভংগ কৰা বুলি চৰ্চা হৈছে।
ব্ৰিটেইন আৰু আৰ্জেণ্টিনাৰ মাজত ফাল্কলেণ্ড (আৰ্জেণ্টিনাত ‘মালভিনাচ’ নামেৰে পৰিচিত) দ্বীপপুঞ্জৰ সাৰ্বভৌমত্বক লৈ দীৰ্ঘদিনীয়া বিবাদ চলি আহিছে। ১৯৮২ চনত এই দ্বীপটোক লৈ দুয়োখন দেশৰ মাজত যুদ্ধও হৈছিল। বৰ্তমান ই ব্ৰিটেইনৰ নিয়ন্ত্ৰণত আছে যদিও আৰ্জেণ্টিনাই ইয়াক নিজৰ অংশ বুলি দাবী কৰে। এই ঘটনা সন্দৰ্ভত বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই। খেলৰ পূৰ্বেও আৰ্জেণ্টিনাৰ উপ-ৰাষ্ট্ৰপতিয়ে ইংলেণ্ডক তীব্ৰ সমালোচনা কৰিছিল, যাৰ বাবে এই খেলখনক লৈ পূৰ্বৰে পৰা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল। এতিয়া ফিফাই এই নিয়ম উলংঘাৰ বাবে খেলুৱৈ দুজন বা আৰ্জেণ্টিনা ফুটবল দলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
উল্লেখ্য যে আৰ্জেণ্টিনা আৰু ইংলেণ্ডৰ মাজৰ খেলখন খেলুৱৈসকলৰ মাজত হোৱা সংঘৰ্ষ, ২৬ টা ফাউল আৰু ৪ খন হালধীয়া কাৰ্ডেৰে অতি উত্তেজনাপূৰ্ণ আছিল। খেলৰ ৫৫ মিনিটত এনথনি গৰ্ডনে গ’ল কৰি ইংলেণ্ডক অগ্ৰগতি দিছিল। কিন্তু খেল শেষ হোৱাৰ মাত্ৰ ৫ মিনিট পূৰ্বে এঞ্জো ফাৰ্নাণ্ডেজে আৰ্জেণ্টিনাৰ হৈ সমতা স্থাপন কৰে। ইয়াৰ পাছত খেলৰ একেবাৰে শেষৰ মুহূৰ্তত লাউটাৰো মাৰ্টিনেজে আন এটি গ’ল কৰি আৰ্জেণ্টিনাক ২-১ ব্যৱধানত নাটকীয় জয় উপহাৰ দিয়ে।
