যৌন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি উত্তাল হৈ উঠা বঙাইগাঁৱৰ ব্যক্তিগত এখন মাদ্ৰাছাৰ বিৰুদ্ধে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে জিলা প্ৰশাসনে। এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত প্ৰতিবাদ আৰু উত্তেজনাৰ সৃষ্টি হোৱা মাদ্ৰাছাখন ছীল কৰি দিয়াৰ লগতে অধ্যয়নৰত ১৪৮ গৰাকী নাবালিকা ছাত্ৰীক নিজ নিজ পৰিয়ালৰ জিম্মাত প্ৰেৰণ কৰে প্ৰশাসনে।
বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেৰ্গাঁৱৰ ইশ্বাতুল উলুম মাদ্ৰাছাতুল বানাতত সংঘটিত হয় এই ঘটনা। মাদ্ৰাছাখনৰ শিক্ষক আমিনুল ইছলামে এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে ক্ষুব্ধ স্থানীয় লোকে মাদ্ৰাছাখনৰ সামগ্ৰীৰ ক্ষতিসাধন কৰে।
ঘটনাৰ পিছত আৰক্ষী অধীক্ষক নুমল মহত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কাৰ্যবাহী দণ্ডাধীশক লগত লৈ মাদ্ৰাছাখনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
প্ৰশাসনে জনোৱা অনুসৰি, ঘটনাৰ পিছত অভিভাৱকসকল মাদ্ৰাছাখনত উপস্থিত হৈ নিজৰ নিজৰ কন্যাক ঘৰলৈ লৈ যায়। ফলত ১৪৮ গৰাকী নাবালিকা ছাত্ৰী বৰ্তমান নিজ পৰিয়ালৰ জিম্মাত আছে।
জিলা প্ৰশাসনে চলোৱা প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পায় যে, ব্যক্তিগতভাৱে পৰিচালিত মাদ্ৰাছাখন চৰকাৰী নিয়ম-নীতি উলংঘা কৰি চলি আছিল। সেই অনুসন্ধানৰ ভিত্তিত পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে মাদ্ৰাছাখন ছীল কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত শিক্ষক আমিনুল ইছলামৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে। প্ৰাৰম্ভিক অনুসন্ধানত কি কি নিয়ম উলংঘনৰ তথ্য পোহৰলৈ আহিছে, সেই বিষয়ে অৱশ্যে এতিয়াও জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।
