বিশ্বকাপত স্পেইনৰ হাতত পৰাস্ত হৈ ফ্ৰান্সৰ বিদায়

২০২৬ চনৰ ফিফা বিশ্বকাপৰ ছেমিফাইনেল মেচত স্পেইনৰ হাতত ০-২ গ’লত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় ল’বলগীয়া হৈছে ফ্ৰান্স দলটোৱে। বুধবাৰে আমেৰিকাৰ ডলাছত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ মেচখনত স্পেইনে সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি ফাইনেলত প্ৰৱেশ কৰে।এই ডাঙৰ পৰাজয়ৰ পিছত ফ্ৰান্স দলৰ অধিনায়ক কিলিয়ান এমবাপেয়ে গভীৰ দুখ প্ৰকাশ কৰে। তেওঁ স্বীকাৰ কৰে যে দলটোৱে খেলপথাৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰিকৰী আৰু ৰণকৌশলগত ভুল কৰিছিল, যাৰ বাবে স্পেইনে মেচখন নিজৰ হাতলৈ লৈ যাবলৈ সক্ষম হ’ল।

মেচৰ অন্তত ফৰাচী সংবাদ মাধ্যমৰ আগত এমবাপেয়ে কয়-আমি যিধৰণৰ পৰিকল্পনাৰে খেলপথাৰত নামিছিলো, সেইমতে খেলিব নোৱাৰিলোঁ। বিশ্বকাপৰ ছেমিফাইনেলৰ দৰে এখন খেলত ভুল কৰিলে জিকাটো অসম্ভৱ। ফ্ৰান্সৰ অধিনায়কজনৰ মতে, স্পেইনৰ শক্তিশালী মিডফিল্ডক বাধা দিয়াত তেওঁলোক ব্যৰ্থ হৈছিল। খেলপথাৰৰ মাজভাগত স্পেইনৰ খেলুৱৈসকলে ফ্ৰান্সৰ ডিফেণ্ডাৰসকলক সম্পূৰ্ণৰূপে কোঙা কৰি পেলাইছিল। একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেল খেলাৰ স্বপ্ন ভংগ হোৱাৰ পিছতো এমবাপেয়ে ভাগৰি পৰা নাই।

তেওঁ কয় যে এই ব্যৰ্থতাৰ পৰা শিক্ষা লৈ ফ্ৰান্স দলে পুনৰ মূৰ দাঙি থিয় দিব আৰু ভৱিষ্যতে নতুন অধ্যায়ৰ সূচনা কৰিব।ছেমিফাইনেললৈ নিয়া ২৬ বছৰীয়া তাৰকা খেলুৱৈজনে দেশৰ অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে খেলুৱৈসকলক এই পৰাজয় পাহৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। ফ্ৰান্সক হৰুৱাই এতিয়া স্পেইনে ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *