অবৈধ বিদেশীৰ কৰিড’ৰ বন্ধ কৰিবলৈ ষষ্ঠ অনুসূচীৰ প্ৰয়োজনঃ মতিলাল ৰাভা

নিখিল ৰাভা মহিলা পৰিষদৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ৮ আগষ্টত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হ’ব। কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ উদ্যোগত আৰু ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদ, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত উক্ত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটি আয়োজন কৰা হৈছে। উক্ত প্ৰতিষ্ঠা দিৱসৰ ১০ জুলাইত  লাইখুঁটা স্থাপন কৰা হয়। এই উপলক্ষে  অনুষ্ঠিত মাংগলিক অনুষ্ঠানটিৰ আঁত ধৰে নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভাই। পুৱাৰ ভাগত ৰাভা জনগোষ্ঠী লোকসকলৰ পৰম্পৰা আৰু নীতি–নিয়ম অনুসৰি লাঙা দেৱতালৈ নৈবদ্য আগবঢ়োৱা হয়। পুজাৰীৰ মাংগলিক পৰ্ব সমাপ্ত হোৱাৰ পাছত আয়তীসকলৰ উৰুলি–ধ্বনিৰে প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভাই।

লাইখুঁটা স্থাপন কৰি নেতাগৰাকীয়ে কয়– আমি ৰাভাসকলৰ জাতীয় সংগঠন সমূহে মিলি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকা সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ বাবে দিছপুৰৰ পৰা দিল্লীলৈকে এলানী আন্দোলনৰ কাৰ্যসূচী চলাই আহিছো। অতি গুৰুত্বপূৰ্ণ কথা– আমাৰ ৰাভা হাছং এলেকা অবৈধ বিদেশীলোকৰ মুখ্য কৰিড’ৰ ৰূপে জনাজাত। সেয়ে পৰিষদীয় এলেকাৰ ৰাভাৰ বাহিৰেও ইয়াত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ উন্নয়ন আৰু কটকটীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ষষ্ঠ অনুসূচীৰ প্ৰয়োজন। ইতিমধ্যে আমি সমগ্ৰ ৰাভা হাছং এলেকা ৰাণীৰ পৰা গোৱালাপাৰাৰ জয়ৰামকুছিলৈকে কটকটীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ স্বাৰ্থত ষষ্ঠ অনুসূচী প্ৰদানৰ দাবীৰে আমাৰ আন্দোলন কাৰ্যসূচী চলি আছে। কিন্তু ষষ্ঠ অনুসূচী প্ৰদানৰ ক্ষেত্ৰত আমাক দিল্লীয়ে যিধৰণে সঁহাৰি জনাব লাগিছিল, সেইধৰণে জনোৱা নাই।

সমাগত বাজেট অধিবেশনৰ পাছতেই আমালৈ এক যোগাত্মক সঁহাৰি আগবঢ়াব বুলি আমি আশা ৰাখিছো। আজিৰ অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পাৰিষদ পুষ্পাঞ্জলী কুমাৰী বড়ো, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ–সভাপতি প্ৰদীপ ৰাভা, সহকাৰী  সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ উপ সভানেত্ৰী বিচিত্ৰা ৰাভা, সাধাৰণ সম্পাদিকা কবিতা ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অশোক নংবাগ লগতে কামৰূপ আৰু গোৱালপাৰাৰ জিলা, আঞ্চলিক সমিতি আৰু উদযাপন সমিতিৰ বিভিন্ন বিষয়বীয়াই অংশ গ্ৰহণ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *