অহা বছৰৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰে স্কুটি! ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ’ব নিযুত মাইনা আৰু নিযুত বাবু আঁচনি। একে সময়তে ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এইবাৰ প্ৰায় ১৮ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটি। অৱশ্যে অহাবাৰৰ এই আঁচনি বন্ধ কৰি সেই ধন নিযুত মাইনা আৰু নিযুত বাবু আঁচনি অধিক সম্প্ৰসাৰণত ব্যয় কৰাৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

শুকুৰবাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰি এই ঘোষণা কৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেওঁ জনায় যে, এতিয়ালৈকে নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে ৫ লাখ ৪৪ হাজাৰ ৪৭৯ গৰাকী ছাত্ৰী উপকৃত হৈছে। এই আঁচনিৰ অধীনত ইতিমধ্যে ৩৭৪ কোটি টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰা হৈছে।

চলিত বিত্তীয় বৰ্ষত প্ৰায় ৫ লাখ ৩০ হাজাৰ ৭১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব বুলিও বাজেটত উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে।

ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এইবাৰ প্ৰায় ১৮ হাজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটাৰ প্ৰদান কৰা হ’ব। কিন্তু অধিক সংখ্যক শিক্ষাৰ্থীক আৰ্থিক সহায়ৰ আওতালৈ আনিবলৈ অহা শিক্ষাবৰ্ষৰ পৰা স্কুটাৰ বিতৰণ কাৰ্যসূচী বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লগতে কয় যে স্কুটীৰ আঁচনিৰ বাবে ধাৰ্য কৰা ধন এতিয়াৰ পৰা নিযুত মাইনা আৰু নিযুত বাবু আঁচনি অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰিবলৈ ব্যয় কৰা হ’ব। ইয়াৰ ফলত অধিক সংখ্যক যোগ্য শিক্ষাৰ্থীয়ে চৰকাৰী আৰ্থিক সহায় লাভ কৰাৰ সুযোগ পাব।

ইফালে, সত্ৰ-প্ৰতিষ্ঠানৰ সৈতে জড়িত ৬২১ গৰাকী উদাসীন ভকতলৈ মাহিলী ১,৫০০ টকাকৈ আৰ্থিক সাহায্যও আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰাৰ ঘোষণা কৰে চৰকাৰে।

কৃষি খণ্ডতো সহায় অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি আঁচনিৰ অধীনত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলে বছৰি ১১ হাজাৰ টকাকৈ আৰ্থিক সাহায্য লাভ কৰি থাকিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সৈতে সংগতি ৰাখিয়েই এই সহায় আগবঢ়োৱা হ’ব বুলি বাজেট ভাষণত উল্লেখ কৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *